কলহী – জিমি বৰা

কলহী

জিমি বৰা

এজনী নাৰী এটা কলহৰ দৰে
কোনেও নজনা কথাৰে কলহে মনৰ গৰ্ভ ওফন্দুৱা
আৰু নাৰীৰ বুকু শুকান হোৱা একেই কথা।
কলহে একে ঠাইতে ৰৈ থাকি নিশা উচুপি উঠে,
কাৰণ ভৰি এখন আগুৱাই জগত জিনিবলৈ
কলহটোৰো থাকে যে অযুত সপোন।
সেয়ে কলহ এটা এঠাইত থ’লেই
মাটি ভিজি নিগৰি যায় লুণীয়া পানী
যি নাৰীৰ চকুলো।
চকুলো হৈ ওলোৱা মেঘাস্পদৰ বৰষুণ
আৰু তৰল হৈ ওলোৱা নাৰীৰ চকুলো
ঠিক যেন এটি আত্মাই আন এটি আত্মাক কৰা পঠন
এনে পুৰুষক নাৰীয়ে নিজৰ প্ৰাণতকৈয়ো ভালপায়।
‘লাউ সদায় পাতৰ তল’ যদি
নাৰী সুৰক্ষাৰ থল হয়
প্ৰয়োজনত নাৰীয়ে প্ৰিয় পুৰুষৰ বাবে
গাৰ মঙ্গহ কাটিবলৈয়ো কুণ্ঠাবোধ নকৰে।