কমৰেড উপেন তালুকদাৰৰ শ্রদ্ধাঞ্জলী জ্ঞাপন আৰু স্মৃতিচাৰণ

কমৰেড উপেন তালুকদাৰৰ শ্রদ্ধাঞ্জলী জ্ঞাপন আৰু স্মৃতিচাৰণ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  ২৭ ডিচেম্বৰ তাৰিখে বিষ্ণু-নির্মলা ভবনত এ আই টি ইউ চি অসম ৰাজ্যিক সমিতিৰ উদ্যোগত কমৰেড উপেন তালুকদাৰৰ ২ বছৰীয়া মৃত্যু বার্ষিকী উদযাপন উপলক্ষে শ্রমিক আন্দোলনৰ কৰ্মীসকলৰ এখন সভা অনুষ্ঠিত হয়। কেন্দ্রীয় বিভিন্ন ট্রেড ইউনিয়ন কেন্দ্ৰৰ নেতৃবৃন্দও উপস্থিত থাকে। এ আই টি ইউ চিৰ, অসম ৰাজ্যিক সমিতিৰ সভাপতি মুনীন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাই ৰাজ্যখনৰ ক’ভিদ পৰিস্থিতিয়ে থানবান কৰা সমাজখন আৰু বর্তমান চৰকাৰৰ অগণতান্ত্রিক আচৰণৰ বাবেই এই অস্বাভাবিক বিলম্ব হোৱাৰ বাবে প্রথমতে দুখ আৰু চৰকাৰৰ শ্রমিক বিৰোধী নীতিত ক্ষোভ প্রকাশ কৰে। এ আই টি ইউ চিয়ে গ্রহণ কৰা সিদ্ধান্ত- অহা বছৰৰ পৰা মৃত্যু দিৱসৰ পৰিৱৰ্তে অহা ২০২৪ চনৰ ৩১ অক্টোবৰত এ আই টি ইউ চিৰ প্ৰতিষ্ঠা দিৱসৰ লগে লগেই, কমৰেড উপেন অলুকদাৰৰ জন্মদিন আৰু কমৰেড গুৰুদাস দাসগুপ্তৰ মৃত্যু দিন একেলগে অনুষ্ঠিত কৰাৰ সিদ্ধান্তক আজিৰ শ্রমিক সভাই হাত উজাৰি সমর্থন জনায়। সভাপতিয়ে কমৰেড উপেন তালুকদাৰৰ জীৱন আৰু কর্মবাজীৰ ওপৰত এক লিখিত বক্তব্য আগবঢ়ায়। তেখেতৰ পৰিয়ালৰ সূত্ৰৰ পৰা, আৰু প্ৰয়াত তালুকদাৰৰ নিজা কথাৰ পৰাই “তেওঁৰ মাতৃয়ে কেতিয়াও তেওঁক মিছা নামাতিবলৈ আৰু অন্যায়ৰ সদায় প্রতিবাদ কৰিবলৈ শিকাইছিল।” সেই কথাকে সাৰোগত কৰি তেওঁ জীবন যুঁজত নামিছিল। সৰুৰে পৰাই উপেন তালুকদাৰ প্ৰখৰ স্মৃতি সম্পন্ন, পৰিশ্ৰমী আছিল। মিছলীয়া আৰু ঠগ-প্ৰৱঞ্চনা কৰা মানুহক অত্যন্ত ঘৃণা কৰিছিল আৰু অন্যায় সহ্য কৰিব নোৱাৰিছিল।

উপেন তালুকদাৰে গুৱাহাটীত খুড়াকৰ ঘৰত থাকি পড়াশুনা কৰি বিশ্ববিদ্যালয়ৰ দেওনা পাৰ হৈছিল। অসম ছাত্র সন্মিলন (অসম ছাত্র ফেডাৰেচন)ৰ ৰাজ্যিক যুটীয়া সম্পাদক আৰু অস্থায়ী সম্পাদক নির্বাচিত হৈছিল। জীৱন বীমা নিগমত বাকার্চ ইউনিয়নৰ নেতা আছিল। নক্সালবাড়ী আন্দোলনৰ আকৃষ্ট হৈছিল আৰু ১৯৭১-৭২ চনত কমিউনিষ্ট পার্টিলৈ ঘূৰি আহিছিল। তেওঁ ভাৰতব কমিউনিষ্ট পার্টিৰ ৰাজ্যিক কার্যনির্বাহকৰ সদস্য আৰু সম্পাদকমণ্ডলীৰ আমন্ত্রিত সদস্য আৰু এ আই টি ইউ চি সভাপতি আব্ৰু মৃত্যুৰ পর্যন্ত উপদেষ্টা আছিল।

উপেন তালুকদাৰৰ কৰ্মৰাজী সম্পর্কত, উক্ত সভাত অসুস্থ দেহাৰে উপস্থিত থকা এ আই চি চি টি ইউৰ সভাপতি বীৰেণ কলিতা, নুনমাটি ৰিফাইনেৰী ৱৰ্কমেন ইউনিয়নৰ সম্পাদক গিৰীশ কলিতা, আই এ টি ইউ চিৰ সভাপতি হিৰণ্য বৰা উপস্থিত থাকি তেওঁলোকৰ বক্তব্য ‘আজিৰ ৰাজ্য তথা দেশখনৰ বিপদজনক জৰুৰী অৱস্থাত প্রয়াত উপেন তালুকদাৰৰ দৰে শ্ৰমিকৰ সমস্যাত যুঁজাৰ বাবে উৎসগীকৃত প্রাণ উপেন তালুকদাৰৰ দৰে লোকৰ প্রয়োজন আছিল’ বুলি দোহাৰে। ফাঁচি বজাৰ মজদুৰ ইউনিয়নৰ প্ৰধান সম্পাদক অর্জুন মুন্সী, ঠেলা শ্রমিক ইউনিয়নৰ জগদীশ শ্বাহ, চক্ৰেশ্বৰ কলিতা, হৰিজন মজদুৰ ইউনিয়নৰ সম্পাদক ডম্বৰু বাও, অসম মহিলা সংঘৰ সভানেত্রী অসমী গগৈ, কৃষক সভাৰ নেতা জয়ন্ত গগৈ, এ আই টি ইউ চিৰ সাধাৰণ সম্পাদক ৰমেন দাস, নির্মাণ শ্রমিক সংঘৰ ফণী দাস, গড়কাপ্তানী মজদুৰ ইউনিয়নৰ বৰদা কলিতা আদিয়ে বক্তব্য আগবঢ়ায়। উপসভাপতিদ্বয় লক্ষণ ৰাভা আৰু বিনোদ তিবাৰীয়ে, এ আই টি ইউ চিৰ জাতীয় পৰিষদৰ সদস্য শংকৰ শ্বাহ আদিয়ে কমবেড উপেন তালুকদাৰে তেখেতসকলৰ কামকাজত কৰা সহায়, সহযোগিতা আদি আন্তৰিকতাৰে শলাগে আৰু ট্রেড ইউনিয়ন কামকাজৰ শিক্ষক বুলি গণ্য কৰিছিল। শেষত সভাপতি মুনিন মহন্তই সভা ভংগ ঘোষণা কৰে।