কমনৱেলথ গেমছত মীৰাবাঈ চানুৰ জৰিয়তে ভাৰতৰ প্ৰথমটো স্বর্ণ পদক লাভ 

Pc Hindustan Times

কমনৱেলথ গেমছত মীৰাবাঈ চানুৰ জৰিয়তে ভাৰতৰ প্ৰথমটো স্বর্ণ পদক লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতীয় ভাৰোত্তোলক মীৰাবাঈ চানুৱে কমনৱেলথ গেমছ ২০২২ ত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰে।অলিম্পিকত ৰূপৰ পদক জয় কৰাৰ পাছত কমনৱেলথ গেমছত দ্বিতীয়বাৰ স্বৰ্ণ জয় কৰে চানুৱে।ভাৰোত্তোলকগৰাকীয়ে স্নেছিং আৰু ক্লীন এণ্ড জার্কত ২০১ কেজি উত্তোলন কৰে। । ৪৯ কেজি বিভাগত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা চানুৱে ক্লীন এণ্ড জার্ক বিভাগতো ১১৩ কেজি উত্তোলন কৰি গেমছৰ নতুন অভিলেখ সৃষ্টি কৰে। ৰূপৰ পদক লাভ কৰা মৰিচাছৰ মেৰী ৰাণাইভোছোৱাই সৰ্বমুঠ ১৭২ কেজি উত্তোলন কৰে । আনহাতে, তৃতীয় স্থান লাভ কৰা কানাডাৰ হান্নাহ কামিনস্কিয়ে উত্তোলন কৰে মুঠ ১৭১ কেজি।