কমনৱেলথ গেমছত অভিযান আৰম্ভ কৰিব অসমৰ খেলুৱৈয়ে

Pc The Janambhumi

কমনৱেলথ গেমছত অভিযান আৰম্ভ কৰিব অসমৰ খেলুৱৈয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  ইংলেণ্ডৰ বাৰ্মিংহামত আৰম্ভ হ’ল’ বিশ্বৰ সন্মানীয় কমনৱেলথ গেমছ ২০২২।বিশ্ববিখ্যাত প্ৰতিযোগিতাখনত অসমৰ মুঠ ৭ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।বক্সিঙত লাভলীনা বৰগোহাঁই আৰু শিৱ থাপা,এথলেটিকছত হিমা দাস,ভাৰোত্তোলনত পপী হাজৰিকা,লনবলত তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁইয়ে অংশ ল’ব।কমনৱেলথ গেমছত আজি অসমৰ খেলুৱৈয়ে অভিযান আৰম্ভ কৰিব।অসমৰ খেলুৱৈয়ে লন বল ইভেণ্টৰ জৰিয়তে বার্মিংহাম কমনৱেলথ গেমছত অভিযান আৰম্ভ কৰিব।১০জনীয়া ভাৰতীয় (পুৰুষ-মহিলা) দলটোত অসমৰ তিনিগৰাকী খেলুৱৈয়ে স্থান পাইছে।মহিলাৰ শাখাত তানিয়া চৌধুৰী আৰু নয়নমণি শ‍ইকীয়া।পুৰুষৰ শাখাত আছে মৃদুল বৰগোহাঁই। ভাৰতে লন বলৰ ছিংগলছ, ডাবলছ, ত্ৰিপলছ আৰু ফ’ৰ্ছত খেলিব।আৰম্ভণিতে পুৰুষৰ শাখাত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে পুলৰ প্ৰথম খেলত অৱতীৰ্ণ হ’ব।দ্বিতীয় খেলত ভাৰতে স্কটলেণ্ডৰ বিৰুদ্ধে নামিব।পুলৰ পৰা আগবঢ়াটোৱেই হৈছে ভাৰতীয় দলৰ প্ৰথম প্ৰচেষ্টা।পুৰুষৰ ডাবলছত মৃদুল বৰগোহাঁই আৰু সুনীল বাহাদুৰে প্ৰতিদ্বন্দ্বিতা কৰিব।মহিলাৰ ছিংগলছত নয়নমণি শ‍ইকীয়াই খেলিব।ইফালে মহিলাৰ ফৰ্ছত ৰূপা তিকী, তানিয়া চৌধুৰী, লাভলি চৌবে,নয়নমণি শ‍ইকীয়াই খেলিব।