কমদামী বস্তুয়ে কামেই নকৰে – চন্দ্ৰ শেখৰ পৰাজুলী

Pc Forbes
কমদামী বস্তুয়ে কামেই নকৰে
 চন্দ্ৰ শেখৰ পৰাজুলী
     বিশ্বনাথ
 আমাৰ এতিয়াৰ প্ৰায় প্ৰত্যেকজন ব্যক্তিৰ মাজত এক অদ্ভূত মানসিকতায়ে বিৰাজমান কৰিছে। আজিকালি প্ৰায়বোৰ মানুহে বস্তুৰ মূল্য চাই সেই বস্তুটো ভাল নে বেয়া সেইটো নিৰূপণ কৰা দেখিবলৈ পোৱা যায়। অৰ্থাৎ বেছি মূল্য বা বেছি পইছা ব্যয় কৰি ক্ৰয় কৰা বস্তু এতিয়াৰ সময়ত বহুত ভাল বুলি ধৰা হয় । আনহাতে কম মূল্য বা কম পইছা ব্যয় কৰি ক্ৰয় কৰা বস্তুবোৰ এতিয়াৰ সময়ত একেবাৰে বেয়া বুলি ধৰা হয় নহয়নে ? আচলতে আমি মানব সমাজে উন্নতি আৰু আধুনিকতাৰ নামত মানুহৰ মাজত অন্তৰ সৃষ্টি কৰাৰ লগে লগে বস্তু বা সামগ্ৰীবোৰৰ মাজতো প্ৰভেদ বা অন্তৰ সৃষ্টি কৰিবলৈ কোনো এটা সুযোগ এৰি দিয়া দেখা নাযায়। ইয়াৰ উপৰিও পশ্চিমীয় দেশসমূহে আমাৰ ভাৰতবৰ্ষতকৈ তুলনামূলকভাৱে বহু সমৃদ্ধিশালী আৰু ধনী ৰাষ্ট্ৰ হিচাপে বিৰাজমান। গতিকে আমাৰ মানুহৰ অন্যতম নিন্দনীয় মানসিকতা হ’ল যে, ধনী ধনী ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্মাণ কৰা আৰু প্ৰয়োগ কৰা প্ৰায় সকলোবোৰ বস্তুয়ে একেবাৰে উন্নতমানৰ হয় বুলি ধৰি লোৱা হয়। সেয়েহে আমাৰ প্ৰায়বোৰ মানুহৰ মনত ঘৰ কৰি লৈছে যে ‘কমদামী বস্তুয়ে কামেই নকৰে।’
আচলতে বস্তু দামী নে কমদামী সেইটো লৈ বস্তুবোৰৰ মাজত অন্তৰ সৃষ্টি কৰাতকৈ বস্তুবোৰ ব্যৱহাৰ কৰাৰ পিছতহে কোনো এক প্ৰতিক্ৰিয়া দিয়া উচিত হ’ব বুলি মই ভাবোঁ। কাৰণ কেতিয়াবা বেছি মূল্য ব্যয় কৰাৰ পিছতো উপযুক্ত ফলাফল লাভ কৰাটো সম্ভৱ নহয়। আনহাতে কেতিয়াবা কম মূল্য ব্যয় কৰিয়েই জুখতকৈ অধিক ধুনীয়া ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা দেখা যায়। এসময় বাহিৰেদি মানুহৰ  পিন্ধি লোৱা কাপোৰৰ পৰায়ে  মানুহৰ ব্যক্তিত্ব নিৰূপণ কৰাটো সম্ভৱ আছিল। কিন্তু আজিকালি সময়ৰ পৰিবৰ্তনৰ লগে লগেই মানুহবোৰ বাহিৰেদি বেলেগ আৰু ভিতৰেদি বেলেগ ধৰণৰ দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। গতিকে সময় থাকোঁতেই সাবধান বাহিৰেদি জিলিকি উঠা প্ৰতিটো বস্তুয়ে সোণ, ৰূপ,মণি, মুকুতা নহয়।
সচাকৈ আমাৰ মাজত গা কৰি উঠা কিছুমান অলাগতীয়াল মানসিকতাবোৰ অতি সোনকালেই আমি ত্যাগ কৰি দিয়া উচিত হ’ব । নহ’লে এনে মানসিকতা জৰিয়তে অনাগত ভবিষ্যতলৈ এক অশান্তকৰ পৰিবেশৰ সৃষ্টি হোৱাটো একেবাৰে নিশ্চিত হৈ পৰিছে। কমাদামী বস্তুয়ে কামেই নকৰা নহয়। আচলতে আমাৰ কমদামী বা একেবাৰে নূন্যতম মানসিকতাৰ জৰিয়তে মানুহৰ মাজত প্ৰভেদ সৃষ্টি কৰি   নিজকে সদায় উচ্চ স্থানত ৰখাৰ এক নিকৃষ্ট মানসিকতায়ে সমাজ এখনত বিশৃংখলতাৰ সৃষ্টি নকৰাকৈ কিছুমান মানুহৰ মন কেতিয়াও নভৰে। যেতিয়া আমাৰ মস্তিষ্কত ঘৰ কৰি থকা দামী আৰু কমদামীৰ মাজত অন্তৰ নাইকীয়া হৈ কেৱল জনকল্যান মূলক মানসিকতায়ে বিৰাজমান কৰিবলৈ ধৰিব তেতিয়া একেবাৰে সামান্যতম বস্তুয়েও অকল্পনীয় ৰূপত কাম কৰিবলৈ আৰম্ভ কৰি দিব।