কভি’ড বিধি মানি দশম শ্ৰেণীৰ পাঠদান
অমৰজিৎ ৰাভা, ওদালগুৰি,বাৰ্ত্তাসেৱা- আজি ২০ ছেপ্টেম্বৰ সোমবাৰ সমগ্ৰ ৰাজ্যজুৰি দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হৈছে।। সমান্তৰালকৈ ওদালগুৰি জিলাৰ ভেৰগাঁও স্থিত কেশৱ কান্ত বৰুৱা ছোৱালী হাইস্কুলতো কভি’ড বিধি মানি শ্ৰেণী কোঠাত প্ৰায় ৩০ জনীকৈ ছাত্ৰী সামাজিক দুৰত্ব অনুসৰণ কৰি পাঠ দান কৰাৰ পৰিলক্ষিত হয়। উল্লেখ্ যোগ্য কৰো’না মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত বিশ্বজুৰি শিক্ষানুষ্ঠান প্ৰতিষ্ঠান বন্ধ হৈ পৰিছিল যাৰ পৰিপেক্ষিতত বিগত পাঁচ মাহ ধৰি ছাত্ৰ ছাত্ৰী সকলৰ পাঠদান স্তব্ধ হৈ পৰিছিল। কিন্তু যোৱা ১ ছেপ্টেম্বৰৰ পৰা কভি’ডৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাত স্কুল কলেজৰ পাঠদান পুনৰ আৰম্ভ হ’ব ধৰিছে, যাৰ পৰিপেক্ষিতত সোমবাৰে ভেৰগাঁও কেশৱ কান্ত বৰুৱা ছোৱালী হাইস্কুলতো কভি’ড বিধি মানি পাঠদান আৰম্ভ কৰা দেখা যায়।।