কবিতা ভাল নোপোৱা ছোৱালীৰ প্ৰেমিক কবি
এন হক (জান)
কবিৰ কাপত যেতিয়াই শব্দবোৰে উকমুকায়
তেতিয়াই তাইৰ অপ্ৰয়োজনীয় ভেম বাঢ়ে
শব্দৰ খেলত কোন ৰমণীৰ হিয়া জুৰায়
অনুভৱৰ ডালৰ পৰা কবিতা এটি চিঙি
তাইক যেতিয়া উপহাৰ দিয়ে
তাই চিঞৰে বিলাসী আকাংক্ষা জানো
কবিতাত পূৰায় …..
কোনোবা কাব্যপ্ৰেমীৰ কৃপাদৃষ্টিত কবিজনে পোৱা
কিতাপৰ টোপোলা আৰু গামোচাখন
নাইবা সৃষ্টিৰ আৰাধনাৰ দলিল মানপত্ৰ
তাইৰ হাতত আলফুলে তুলি দিয়ে
তাইৰ বুকুত জুই জ্বলে
কিতাপৰ নামতে খৰচ কৰিলে সংসাৰৰ এফাল
অভিমানত কলমডাল মৰিশালীত তুলি থৈ
কবিজনে উচুপে
অনাথ শব্দৰাশিত ভাঁহি থকা বেদনাৰ পাহাৰত
তেতিয়া তাই কয় আপুনি এজন ব্যাৰ্থ কবি ।
কবিৰ আত্মাৰ মৃত্যু ঘটে
তেজে তেজে বৈ যোৱা স্পৃহা সমাধিস্থ কৰি
কবিতা ভাল নোপোৱা ছোৱালীৰ প্ৰেমিক কবি
এদিন হেৰাই যায়
তলিফুটা সংসাৰৰ অতল চলিত ।