কণ কবিতা- সংগীতা মাইনা ডেকা

Pc- Pinterest

কণ কবিতা…

তোমাৰ প্ৰেমৰ সুৰক আঁকোৱালি
সংগীত বনাবলৈ মানস কৰিছিলোঁ
নাজানোঁ নহয়, সাংগীতিক স্বৰৰ ব্যাপ্তিও কিমান ?

ৰিণি ৰিণিকৈ পৃষ্ঠাবোৰ খোল খায় জানা
সোঁৱৰণি তাঁৰবোৰৰ লহৰে লহৰে
মনত পৰে, এটি এটি সুৰীয়া তৰংগই
বুকুত যে গভীৰ সাঁচ বহুৱাইছিল
জনা নজনাকৈয়ে

 সংগীতা মাইনা ডেকা,
ৰঙিয়া