কণ্ঠশিল্পী বীণা ভাগৱতীৰ বিয়োগত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া সংগীত জগতৰ শ্ৰদ্ধাৰ কণ্ঠশিল্পী বীণা ভাগৱতীৰ বিয়োগত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই গভীৰ শোক প্ৰকাশ কৰিছে। এক বিবৃতিত মন্ত্ৰী বড়াই একালৰ সুকণ্ঠী গায়িকা গৰাকীৰ বিয়োগত অতিশয় মৰ্মাহত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে শিল্পী গৰাকীৰ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছে। ‘উকূলি মুকূলি’, ‘নিৰ্মলা নদীৰ ঘাট’ আদি ভালেসংখ্যক চিৰসেউজ গীত উপহাৰ দি অসমীয়া সংগীতক মহীয়ান কৰা ব্যতিক্ৰমী কণ্ঠৰ অনাতাঁৰ শিল্পীগৰাকীৰ অৱদান অসমৰ সমাজ জীৱনে কেতিয়াও নাপাহৰে বুলিও সাংস্কৃতিক মন্ত্ৰী বড়াই বিবৃতিটোত প্ৰকাশ কৰে৷