কটন বিশ্ববিদ্যালয়ৰ প্ৰতিবাদী কাৰ্য্যসূচী

কটন বিশ্ববিদ্যালয়ৰ প্ৰতিবাদী কাৰ্য্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ ছাত্ৰ ছাত্ৰীৰ কুলদ্বীপ শৰ্মা, ৰক্তিম বৰকাকতি, আয়ুষ্মান পেগু, সুদক্ষিনা কাশ্যপ, সাধনা দেৱীৰ নেতৃত্বত প্ৰায় ৭০ জন মান ছাত্ৰ ছাত্ৰীয়ে কলকতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী ডা° মৌমিতা দেবনাথক ধৰ্ষণ কৰি হত্যা কৰা জঘন্য ঘটনাৰ উচিত ন্যায় আৰু ভাৰত বৰ্ষৰ সকলো ঠাইৰ নাৰীৰ সুৰক্ষাৰ বাবে বেনাৰ বিভিন্ন প্লে কাৰ্ড আদি আৰু হাতে হাতে মম শিখা লৈ কটন বিশ্ববিদ্যালয় চৌহদৰ মুখ্য দ্বাৰৰ ওচৰৰ পৰা ভিতৰেদি মৌন সমদল কৰি নেহেৰু পাৰ্কৰ সন্মুখ হৈ বি এছ এন এল কাৰ্য্যালয়ৰ সন্মুখেৰে এক মৌন প্ৰতিবাদী সমদল কাৰ্য্যসূচীৰে বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰি কাৰ্য্যসূচী সমাপ্ত কৰে। উল্লেখ কৰিব পাৰি যে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয় যে প্ৰধানমন্ত্ৰীয়ে বেটি বছাও বেটী পঢ়াও শ্লোগান দিয়ে, কাৰ্য্যত কিন্তু সেয়া হৈ উঠা নাই। আৰু ইয়াৰ বাবে তেওঁলোকে দুখ প্ৰকাশ কৰে লগতে দোষীয়ে যাতে উপযুক্ত শাস্তি পায় তাৰ কামনা কৰে৷