কটন বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

কটন বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- কটন বিশ্ববিদ্যালয় ‘নবীন’ গোটৰ উদ্যোগত  বিশ্ববিদ্যালয় প্ৰাংগণত ‘ঐকতান’ শীৰ্ষক ভিন্ন কাৰ্যক্ৰমণিকাৰে ৫৩ সংখ্যক বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। কটন বিশ্ববিদ্যালয় ‘নবীন’ৰ সাংগঠনিক গীতেৰে আৰম্ভ হোৱা সভাত উপস্থিত থাকি বিশিষ্ট সাহিত্য সমালোচক অভিজ্ঞান অনুৰাগ আৰু গৰীয়সী আলোচনীৰ উপ সম্পাদক অংকুৰ ডেকাই সাম্প্ৰতিক সময়ত বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা সন্দৰ্ভত বিশদ আলোচনা কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক, কবি-লেখক ড০ ধ্ৰুৱজ্যোতি দাসৰ ‘পাশ্চাত্য সাহিত্য: দৃষ্টি আৰু সৃষ্টি’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক অভিজ্ঞান অনুৰাগ আৰু ‘গৰীয়সী’ৰ উপ সম্পাদক অংকুৰ ডেকাই। পাশ্চাত্য সাহিত্যৰ একৈশ গৰাকী বিশ্ব বৰেণ্য কবি-সাহিত্যিক-দাৰ্শনিকৰ সৃষ্টিচেতনা দৃষ্টি দৰ্শন সংপৃক্ত তেইশটা চিত্তাকৰ্ষক নিৱন্ধ সন্নিবিষ্ট ড০ দাসৰ গ্ৰন্থখনে সাহিত্য ৰসিক তথা ছাত্ৰ ছাত্ৰী সকলক বিশ্ব সাহিত্যৰ মহান সৃষ্টি ৰাজিৰ সম্যক ধাৰণা দিবলৈ সক্ষম হব বুলি উন্মোচক দ্বয়ে মত ব্যক্ত কৰে। অনুষ্ঠানত পূৰ্বে আয়োজিত কবিতা প্ৰতিযোগিতাৰ ফলাফল সমূহ ঘোষণা কৰা হয়। এই ফলাফল অনুসৰি প্ৰবাল পৰাশৰে প্ৰথম, মাডল দি অগষ্টি দ্বিতীয়, কংকণা গোস্বামীয়ে তৃতীয় আৰু সব্যসাচী দাসে উদ্গনি পুৰস্কাৰ লাভ কৰে।।অংশগ্ৰহণ কাৰী কবিসকলৰ কবিতাৰ সমালোচনা আগবঢ়ায় সমালোচক অভিজ্ঞান অনুৰাগে। সভাত বিশ্ববিদ্যালয়ৰ অধ্যাপক বৃন্দ ড০ চম্পাকলী তালুকদাৰ, ড০ স্বপ্নালী দাস, অৰুণ শৰ্মাৰ লগতে ছাত্ৰ দেবাশীষ বৰাই ভাষণ ৰাখে। মমিনা আখ্তাৰ আৰু ভাস্বৰিতা দত্তই আতঁ ধৰা অনুষ্ঠানত দীপশিখা ডেকা আৰু ভায়োলিনা চহৰীয়াই ৰাভা সংগীত পৰিবেশন কৰে। অনুষ্ঠানৰ প্ৰাৰম্ভতে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ সময়ত তুষাৰ ভূঞাই।