কটনৰ বাকৰিত এসন্ধ্যা

কটনৰ বাকৰিত এসন্ধ্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  ঐতিহ্যমন্দিত কটন কলেজৰ ১২২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কটন কলেজ প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত শুকুৰবাৰে কটনৰ বাকৰিত এটি অন্তৰংগ তথা মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়৷অৱনী কুমাৰ চৌধুৰী,ৰবীন কলিতা আৰু ইন্দ্ৰজিৎ দাসে আঁত ধৰা অনুষ্ঠানৰ প্ৰাৰম্ভণিতে পতাকা উত্তোলন কৰে শতায়ু গৰকা কটনিয়ান, প্ৰাক্তন গাণনিক বিষয়া আব্দুল ৱাহিদে৷তাৰ পাছতে বন্তি প্ৰজ্বলন কৰে সন্হাৰ উপদেষ্টা  ইন্দ্ৰ মোহন ভট্টাচাৰ্যই৷অনুষ্ঠানত ৯০ৰ উৰ্ধৰ প্ৰাক্তন কটনিয়ানৰ ভিতৰত শতায়ু গৰকা প্ৰাক্তন কটনিয়ান আব্দুল ৱাহিদক গামোচা,চেলেং চাদৰ,ফুলৰ থোপা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ইয়াৰ পাছতে ৯০ উৰ্ধৰ প্ৰাক্তন কটনিয়ান শিক্ষাধিকাৰ হৰেকৃষ গায়ন,প্ৰাক্তন কৃষি সঞ্চালক ড° অমিয় মোহন দাস,প্ৰাক্তন অধ্যাপক ড° উপেন্দ্ৰ নাথ শৰ্মা,প্ৰাক্তন প্ৰাথমিক শিক্ষা সঞ্চালক নগেন গোস্বামী,প্ৰথিতযশা শিল্পী ড° লক্ষ্যহীৰা দাসক গামোচা,চেলেং চাদৰ,ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয়৷সমালোচক ময়ূৰ বৰাই কটন কলেজৰ স্মৃতি ৰোমন্হন কৰি নষ্টালজিক হোৱা অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই ’স্বৰ্নিল যাত্ৰা’ শীৰ্ষক স্মৃতিগ্ৰন্হ উন্মোচন কৰে৷স্মৃতিগ্ৰন্হ সম্পাদনা কৰে মনজিৎ সিং আৰু শৈলেন কলিতাই৷ তিলোত্তমা বৰুৱা,ড° ৰূপালী ফুকন,ড° সংগীতা কাকতি,কুইন দাস আৰু তৃষা দেৱীৰ নেতৃত্বত কেইবাজনো কটনিয়ালে আৰম্ভণি গীত পৰিৱেশন কৰা অনুষ্ঠানত মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়৷বিভিন্ন্ স্হানৰ পৰা কটনিয়ানসকলে স্মৃতি ৰোমন্হন কৰি আবেগিক হৈ পৰে৷সন্ধিয়াৰ ভাগত কবিতাৰ লগতে গৱেষণা গ্ৰন্হ উন্মোচন কৰা হয়৷প্ৰাক্তন কটনিয়ান তথা কলিয়াবৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপিকা ড° বৰ্ণালী কাকতিৰ গ্ৰন্হখন কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ভবেশ চন্দ্ৰ গোস্বামীয়ে৷  কেইবাজনো প্ৰাক্তন কটনিয়ান শিল্পীয়ে গীত মাত পৰিৱেশন কৰে৷