কচুৱাৰ বিভিন্ন অঞ্চল বছৰৰ দ্বিতীয়টো বানৰ কবলত

কচুৱাৰ বিভিন্ন অঞ্চল বছৰৰ দ্বিতীয়টো বানৰ কবলত

খাইৰুল ইছলাম, কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা– ৰাজ্যত কেবাদিন ধৰি নেৰা নেপেৰা বৰষুনৰ ফলত কাবি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চুইছ গেইট খুলি দিয়াত নিশাটোৰ ভিতৰত বৰপানী নদীৰ ভগ্ন মথাউৰি দি পানী সোমাই বহু অঞ্চল জলমগ্ন হৈছে। কপিলীৰ বানৰ তাণ্ডৱ চলি থকাৰ সমান্তৰালকৈ বৰপানী নদীৰ পানী বঢ়াত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। নিশাটোৰ ভিতৰত বৰপানীৰ বাঢ়নী পানীৰে বহু লোকৰ ঘৰ দুৱাৰ জলমগ্ন কৰিছে। এফালে কপিলী বাঢ়নী পানী আৰু আনফালে বৰপানী নদীৰ বাঢ়নী পানীৰে ভুৰ গৈছে নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কামপুৰৰ বিভিন্ন কে অঞ্চলকে ধৰি কচুৱাৰ কান্দা পাৰা, চানখোলা, লংজাপ, জুৰিৰপাৰ, শিঙিমাৰি ,মাধৱ পাৰা, পমিলা আদি কৰি কেইবাখনো গাঁও। যাৰ ফলত বানাক্ৰান্ত ৰাইজ নিৰাপদ স্থান বিচাৰি হাবাথুৰি খাইছে। ইফালে মাধৱপাৰা আৰু লংজাপ যোৱাৰ পথৰ ওপৰদি ভাগৰি আছে বানী। যাৰ বাবে যাতায়তত অসুবিধাৰ সন্মুখীন হৈছে নিতৌ চলাচল কৰা বহু লোক। আনহাতে ৰহা সমষ্টিৰ অন্তৰ্গত লংজাপ, জুৰিৰপাৰ ,মাধৱপাৰা বৰপানী নদীৰ মথাউৰি দি পানী সোমাই প্লাৱিত হৈছে বহু কেইখন গাঁও। যাৰ বাবে মন্ত্ৰী পিষুষ হাজৰিকাক মথাউৰি সমুহ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে।