কচুৱাৰ বানপৰিস্থিতি আৰু ভয়ানক
কচুৱা,ৰঙিলী বাৰ্ত্তাসেৱা- কচুৱাৰ সৰ্বত্ৰে কেৱল পানী ৷ সাগৰ সদৃশ পৰিবেশৰ মাজতে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ সমূহত খাদ্যৰ বাবে হাহাকাৰ কৰি থকাৰ পিচতো চৰকাৰৰ জনপ্ৰতিনিধি বা কোনো দল সংগঠন আগুৱাই অহা নাই ৷ বৰপানী নদীৰ পানী অলপ কমিছে যদিও বৃহত্তৰ কচুৱা অঞ্চলৰ কান্দাপাৰা চানখোলা ৰাঙলু বস্তি উজানমাৰী, পুঠিমাৰী, পমিলা জাৰনী, ৰজাআলি, মাধৱপাৰা, চিতলমাৰী, মিছামাৰী, চেঙাজান, গেৰজাইপাম আৰু শিমলুগুৰিকে আদিকৰি শতাধিক গাঁৱতে বাঢ়িছে পানী ৷ বহু আশ্ৰয় শিবিৰতো পানী উঠাত সেই বন্যাৰ্ত সকল পুনৰ ওখ ঠাই বিচাৰি হাবাথুৰি খাইছে৷ যোৱা নিশাৰ পৰা জুৰিৰপাৰ গাওঁ পঞ্চায়ত, শিঙিমাৰী বজাৰ,কচুৱা এম ই,কচুৱা এলপি স্কুল,কচুৱা ছোবাহী মাদ্ৰাছা,কচুৱা পঞ্চায়ত কাৰ্যালয়, আৰু পমিলাৰ বেথাৰাম চেক্ৰেট হাৰ্ট স্কুলত শ শ পৰিয়ালে থিতাপি লৈছে ৷ মানুহৰ খাদ্যৰ নাটনিৰ লগতে পহুধন সমূহ খাদ্যৰ অভাৱত মৰাৰ উপক্ৰম ঘটিছে ৷ সহস্ৰাধিক পৰিয়ালৰ ঘৰৰ মুধচ পানীত ডুব যোৱাত নিজৰ ঘৰখন বিচাৰি নাপাই মূৰে কপালে হাত দিছে বন্যাৰ্তই ৷ যদি কিবা কাৰণত আৰু তিনিফুট পানী বৃদ্ধি পায় তেতিয়া মৰিশালিৰ বাহিৰে বাকী একো যে পোৱা নাযাব ই খাটাং ৷