কঙাল – সত্যজিৎ গগৈ

কঙাল
সত্যজিৎ গগৈ
কঙালী বুলিয়েই বিহু নপতাকৈ থাকোনে
ই যে শত কৃষকৰ সোণালী স্বপ্ন
ই যে চহা প্ৰাণৰ পৰম ৰত্ন
ই যে কুঁৱলীৰ বগা চাদৰ
ই যে শেৱালিৰ গাভৰু বতৰ
ই যে মুকুতাৰ শুভ্ৰ দলিছা
ই যে মা-দুৰ্গাৰ শুভেচ্ছা,
কঙালীয়েইটো আনে ভোগালী
ৰঙেৰে ওপচি পৰা ৰঙালী
বহাগত সবে মিলি কৰা ধেমালি…।