কংগ্ৰেছ নেতাই ধলপুৰৰ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ

pc Oneindia

কংগ্ৰেছ নেতাই ধলপুৰৰ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ;
দেবব্ৰত শইকীয়াই দাখিল কৰা পিআইএলৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক যোগাত্মক

গুৱাহাটী, বাৰ্ত্তাসেৱা – অসম চৰকাৰে চিপাঝাৰৰ ধলপুৰত কৰা উচ্ছেদ অভিযানত দুগৰাকীকৈ ব্যক্তিক অসম আৰক্ষীয়ে গুলীয়াই হত্যা কৰা মৰ্মান্তিক ঘটনাৰ ওপৰত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই দাখিল কৰা পি.আই.এল. ৰ ওপৰত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যোগাত্মক সিদ্ধান্ত আৰু ন্যায়ালয়ে লোৱা ব্যৱস্থাক অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই আদৰণি জনাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ঘটনাটোক ’তেজেৰে ৰাঙলী ভূমি’ আৰু সেয়ে ’এয়া একঅত্যন্ত দুৰ্ভাগ্যজনক- মৰ্মান্তিক ঘটনা’ আখ্যা দিয়া কাৰ্যক অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে পূৰ্ণ সমৰ্থন জনাইছে। অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনোৱাৰ লগতে মঙ্গলদৈত প্ৰদেশ কংগ্ৰেছৰ বৃহৎ সংখ্যক নেতা-কৰ্মীৰ উপস্থিতিত এক শক্তিশালী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি দৰং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মহামহিম ৰাজ্যপাললৈ এক স্মৰকপত্ৰ প্ৰেৰণ কৰিছে। কংগ্রেছ নেতা সকলে এই ভুক্তভোগী পৰিয়াল সমূহক সাক্ষাৎ কৰি পৰিস্হিতিৰ বুজ্ লৈছে। এগৰাকী অকলশৰীয়া প্ৰতিবাদীক ৪০ গৰাকীতকৈ অধিক আৰক্ষীয়ে গুলীয়াই হত্যা কৰা আৰু মৃতদেহৰ ওপৰত এগৰাকী কেমেৰামেনে উপর্যপূৰি কৰা প্ৰহাৰ কাৰ্যই সমগ্ৰ বিশ্বৰ মানুহকে আচৰিত কৰি তুলিছে। বিৰোধী দলপতি গৰাকীয়ে দাখিল কৰা পিআইএল ত উল্লেখ কৰা অনুসৰি ডিব্ৰুগড় আৰু তিনিচুকীয়াত সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ বিভিন্ন অনুসূচিত জাতি/অনুসূচিত জনজাতীয় লোকক উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদিত লোকক সংস্থাপিত কৰা অঞ্চল সমূহক ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে। চৰকাৰখনে নগাঁও মিকিৰ বামুনি গাঁওৰ বহু অনুসূচিত জনজাতি/অনুসূচিত জাতি/অন্যান্য পিছপৰা জাতি জনগোষ্ঠীয় লোকক প্ৰতাৰণা কৰি তেওঁলোকৰ পৰা ভূমি অধিকাৰ কাঢ়ি আনি ব্যক্তিগত কোম্পানীৰ হাতত গতাইছে।গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ব্যাখ্যা- ’এয়া এক অত্যন্ত মৰ্মান্তিক, অত্যন্ত দুৰ্ভাগ্যজনক’ক অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে আদৰণি জনাইছে।অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰশংসা কৰিছে কিয়নো উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ পৰা এখন শপতনামা বিচাৰিছে আৰু অসমত ৰাষ্ট্ৰীয় সংস্থাপন নিয়মৰ ভিতৰত অন্তৰ্ভুক্ত হয় নে নহয় তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। এনেকুৱা ঘটনা সভ্য সমাজৰ বাবে কেতিয়াও হ’ব নোৱাৰে বুলি অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে মত পোষণ কৰিছে। অসম প্ৰদেশ কংগ্রেছ কমিটীয়ে দেশৰ আইনী ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখি আহিছে আৰু এখন গণতান্ত্ৰিক দেশত প্ৰতিগৰাকী নাগৰিকে প্ৰাপ্য ন্যায়ৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি বুলি গণ্য কৰে।