কংগ্ৰেছ দলৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ সংবাদ মেল

কংগ্ৰেছ দলৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাই আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰি কয় যে মুখ্যমন্ত্ৰীয়ে অপসংস্কৃতিৰে ব্ৰাক্ষণবাদ প্ৰতিষ্ঠাৰ চেষ্টা চলাইছে। সৰ্বানন্দক খেদি সকলো দিশে জয় জয় ময় হৈ পৰিছে।নিজৰ লগুণ দালৰ মৰ্যাদা ৰখা উচিত।ৰাহুল গান্ধী সাহসী, কোনো দুৰ্নীতি কেলেংকাৰী নাই।মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীক ভয় কৰি এনে পৰিৱেশ সৃষ্টি কৰিছে।চলিহাই আৰু কয়, বিগত পাঁচ বছৰৰ পাছত সংবাদ মেলৰ আয়োজন কৰিছোঁ। ভাৰত জোড়ো ন্যায় যাত্ৰা সামাজিক অনুষ্ঠান। ইয়াত সকলো দলৰ লোকে অংশগ্ৰহণ কৰিব পাৰে৷এনে অনুষ্ঠানত অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হোৱাটো গ্ৰহণযোগ্য নহয়। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ ভাৰত, তেলেংগানাটো এই ন্যায় যাত্ৰা হ’ল কিন্ত এনে পৰিৱেশ হোৱা নাছিল। অসমত আৰম্ভ হওঁতে হঠাৎ বিক্ষিপ্ত ঘটনা ঘটিবলৈ ধৰিলে।এয়া গণতন্ত্ৰৰ বাবে ডাঙৰ ভাবুকি। বিৰোধীক ৰাজনৈতিক , সামাজিক কাম কাজ কৰিব নিদিয়াটো অগতান্ত্ৰিক। ইয়াৰ ফলত ভাৰত ৰাষ্ট্ৰ দূৰ্বল হ’ব। ৰাহুল গান্ধীৰ আইতাক, পিতৃৰ মৃত্যু আমি দেখিছোঁ ৷ কিদৰে দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল কিন্তু আজিও ন্যায় নাপালে ৷ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতো মোৰ ব্যক্তিগতভাৱে ভাল ৷চৌদিশে বিজেপিৰ জয় জয় ময় ময় হিমন্ত বিশ্ব শৰ্মাৰ ভয় কিয়? এল টি টিৰ সন্ত্ৰাসবাদীয়ে পিতৃক হত্যা কৰিছিল ৰাহুল গান্ধীৰ। আলফাৰ দিনটো এনে পৰিৱেশ সৃষ্টি হোৱা নাছিল এতিয়া হিমন্তৰ হাতত সকলো, তাৰ পাছতো ভয় কিহৰ? অন্যহাতে মুখ্যমন্ত্ৰীক ৰাহুল গান্ধী যাত্ৰা সন্দৰ্ভত খবৰ দিয়া মানুহ কোন ? ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যদি হয় দুজন মানুহে কোৱা বুলি এইবোৰত লাগি থাকে, ৰাইজৰ টকাৰে দৰমহা দিয়া আৰক্ষী ব্যৱস্থাটো কিয় লাগে ? কলিযুগত ৰাহুল গান্ধী খুব সাহসী কাকো ভয় নকৰে। লোভী,নহয়। কেলেংকাৰী নাই। মহানায়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জানে। আৰক্ষীৰ সন্মুখতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিক ঘুচিয়ালে এনে কাৰ্য্য কিয় সংঘটিত হ’বলৈ পাইছে । এয়াই নেকি ৰাম ৰাজ্যৰ পৰিচয় ৷ অসম অতিথি পৰায়ণ বুলি জানে কিন্ত এই পৰিৱেশে অসমক কোন দিশে নিছে। মুখ্যমন্ত্ৰী কিয় বিতত হৈছে। তেওঁ সংযমী হ’ব লাগে।মানুহৰ সিদ্ধান্ত বৰ নিৰ্মম।বুৰঞ্জীৰ কেতিয়াবা পুনৰাবৃত্তি হয়।ৰোমান সাম্যৰ পতন্ হৈছিল। উন্মাদনা কেতিয়াও নেতৃত্বৰ পৰিচায়ক হ’ব নোৱাৰে। গণতন্ত্ৰত প্ৰত্যেক লোক সমান। গণতান্ত্ৰিক মনোভাৱ বৰ্তাই ৰখা উচিত।অসম আন্দোলনত লুকাই থকা সকলে ওলাই আহিছে। খুব বেছি হিন্দু কৰি আমি হিন্দু ধৰ্ম বিপন্ন কৰিব বিচাৰিছো নেকি? অসমত ব্ৰাক্ষণবাদ নচলিব শঙ্কৰী চলিব।অপসংস্কৃতিৰ প্ৰয়োভৰে ব্ৰাক্ষণবাদ প্ৰতিষ্ঠাৰ চেষ্টা চলাইছে। পূজামানে শান্ত, শিষ্ট, নিবিড়ভাৱে কৰা হয়। ভগৱান শান্তিৰ প্ৰতীক। ভগৱানে নীৰৱতা বুজি পায়। কিন্ত ৰাম পূজাৰ নামত উদ্ভণ্ডালি চলিছে ৷ মুখ্যমন্ত্ৰীয়ে এইবোৰ দেখা নাই ? আৰক্ষীয়ে দেখা নাই ? মুখ্যমন্ত্ৰীয়ে জাত পাতৰ কথা কৈ মুখ্যমন্ত্ৰীৰ পদৰ পদমৰ্য্যাদা হানি কৰিছে। অসমীয়া মানুহৰ সম্পৰ্কত ভুল ধাৰণাৰ সৃষ্টি কৰিলে সাধাৰণ মানুহে ছমাহ জে’ললৈ যাব বুলি ভয় খায় কথা কবলৈ এৰিছে । আমি প্ৰতিবাদ কৰিম । প্ৰতিবাদ কৰিবলৈ ভয় নকৰোঁ ৷ মানুহৰ সমৰ্থনত যেনেকৈ আহিছো মানুহৰ সমৰ্থনতে গুচি যাব লাগিব৷প্ৰত্যেকজন মানুহৰে গণতন্ত্ৰক সৱল কৰাৰ দায়িত্ব আছে।গণতন্ত্ৰত শাসন নিকা হ’ব লাগে।কা আন্দোলনত ৫ জনক গুলীয়াই মাৰিলে। সন্ত্ৰাসিত কৰি, গুলিৰ ভয় দেখুৱাই মানুহক কিমান দিন বন্ধ কৰি থ’ব।এতিয়া আমাৰ পৰামৰ্শ দিয়া সময়।গণতন্ত্ৰক ৰক্ষাত, অসমীয়া মানুহক এক কৰি ৰখাৰ ৷অসমতে একমাত্ৰ ঠাই য’ত ,কোনো ধৰণৰ জাতি ভেদ প্ৰথা নাই। সকলো এক। নিজৰ লগুনডালৰ মৰ্যদা ৰখা উচিত। মুখ্যমন্ত্ৰীক তেওঁ দেওৰ লগত তুলনা কৰিছে। দেওৰ পৰা আমাক সচেতন কৰিবলৈ এক বার্তা দিলোঁ। এইবাৰ সহজ যুঁজ নহয়। যদি নৰেন্দ্ৰ মোদীয়ে আঁতৰাই নিদিয়ে তেন্তে এইজন মুখ্যমন্ত্ৰীৰ সৈতে ২০২৬ চনত আমি ভালকৈ এসাঁজ খাম। ৰাজ্যিক ৰাজনীতিত অসমত পৰিৱর্তনৰ বাবে কাম কৰিম। আন্দোলন কৰিবলৈ আমি ওলাই আহিম অসমত ব্ৰাহ্মণ‍্যবাদৰ প্ৰাধান্যতা চলিবলৈ দিয়া নহ’ব। গীতাত ব্ৰাক্ষণ আৰু ক্ষত্ৰিয়ক শাসন কৰিব দিয়া হৈছে বুলি কয়। কংগ্ৰেছৰ সাংগঠনিক ভেটি আৰু কটকটীয়া কৰিব লাগিব ৷ আমি পৰামৰ্শ দিম৷তেওঁ সংবাদ মেলত নিৰ্বাচনত অৱতীৰ্ণ ন’হও বুলিও প্ৰকাশ কৰে৷