কংগ্ৰেছ কৰ্মী প্ৰণৱজ্যোতি বৰাৰ মৃত্যু

কংগ্ৰেছ কৰ্মী প্ৰণৱজ্যোতি বৰাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- উদীয়মান কংগ্ৰেছ কৰ্মী, নগাঁৱৰ প্ৰণৱজ্যোতি বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ কংগ্ৰেছে মৰ্মাহত হৈ পৰিছে৷ চামগুৰি সমষ্টিৰ যুৱ কংগ্ৰেছৰ উপ-সভাপতি প্ৰণৱজ্যোতি বৰা এক বিবাহ উৎসৱত অংশগ্ৰহণ কৰি ঘৰমুখী হোৱাৰ পথত আক্ৰমণৰ সন্মুখীন হয়। বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা হত্যাকাণ্ড বুলি ভবাৰ থল আছে। কংগ্ৰেছ কৰ্মীৰ ওপৰত নগাঁও জিলাত এনেধৰণৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। দলৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি সমগ্ৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।