কংগ্ৰেছৰ সভাপতি হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিব মল্লিকাৰ্জুন খাৰ্গেয়ে 

Pc The New Indian Express

কংগ্ৰেছৰ সভাপতি হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিব মল্লিকাৰ্জুন খাৰ্গেয়ে 

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আজি দিল্লীৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ (এআইচিচি) মুখ্য কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰিব। কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সকলো সদস্য, সাংসদ, প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি, চিএলপি নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন ৰাজ্যিক সভাপতি আৰু এআইচিচিৰ অন্যান্য কাৰ্যবাহী বিষয়াসকলক এই কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে। লগতে, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে মঙলবাৰে কয় যে, “মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব। মোকো অনুষ্ঠানটোত উপস্থিত থাকিবলৈ কোৱা হৈছে। সেয়েহে, মই দিল্লীলৈ গৈ আছো।”