কংগ্ৰেছত আজি যিটো জেনেৰেচন আছে, প্রত্যেকজন কংগ্ৰেছ সদস্যকে চিনি পাঁওঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

pc Northeast Now

কংগ্ৰেছত আজি যিটো জেনেৰেচন আছে, প্রত্যেকজন কংগ্ৰেছ সদস্যকে চিনি পাঁওঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ ৪-৫গৰাকী বিধায়কে নিশা ১২ বজাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বাসভৱনলৈ নিতৌ যায় বুলি কৰা মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত ইতিমধ্যে তীব্র আলোড়ন সৃষ্টি কৰিছে।এই সন্দৰ্ভত গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড°  হিমন্ত বিশ্ব শৰ্মাই কয়— কংগ্ৰেছৰ প্ৰত্যেক বিধায়কৰ লগতে মোৰ সম্পৰ্ক ভাল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ কংগ্ৰেছ দলত ২৫-৩০ বছৰ আছিল। জীৱনৰ আটাইতকৈ ভাল সময়খিনিতে তেওঁ কংগ্ৰেছত আছিল। গতিকে কংগ্ৰেছৰ মানুহখিনিৰ লগত তেওঁৰ ব্যক্তিগত ভাল কিয় নহ’ব? যদি নতুনকৈ কোনোবাই আজি মুম্বাইৰ পৰা আহি অসমত কংগ্ৰেছ কৰিছে, তেওঁ চিনি নাপাব। কিন্তু মোটামুটি কংগ্ৰেছত আজি যিটো জেনেৰেচন আছে, প্রত্যেকজন কংগ্ৰেছ সদস্যকে তেওঁ চিনি পায়। বহুতৰ ঘৰত তেওঁ গৈছে, বহুতৰ লগত সুখ-দুখৰ সময় কটাইছে। ইয়াত নতুনত্ব কি আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রশ্ন কৰে।