ওৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত প্ৰাক ৰঙালী বিহু উদযাপন

ওৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত প্ৰাক ৰঙালী বিহু উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ওৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত বুধবাৰে উলহ মালহেৰে কলেজ চৌহদত  প্ৰাক ৰঙালী বিহু উদযাপন কৰে। ৰঙালী বিহুৰ পতাকা উত্তোলন আৰু বৃক্ষ ৰোপণ কৰে ইন্সটিটিউ অৱ কম্পিউটাৰ এচচিয়েছনৰ সঞ্চালক লিপি শইকীয়ই। অসমৰ  বাপতিসাহোন ৰঙালী  বিহুটিৰ লগতে অসমৰ বিহু আৰু বাৰেবৰনীয় ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ত সুদৃঢ় কৰিবলৈ অসমীয়া সাজ পাৰ পিন্ধি বিহু নৃত্যৰ লগতে গীত মাতে সকলোকে মন মুগ্ধ কৰে৷ কলেজৰ পৰিচালনা সমিতিৰ  সভাপতি ড° জ্যোতিষ গোস্বামী, ভাৰপ্ৰাপ্ত অধ্যক্ষ ভবানন্দ দত্তই ভাষণ দিয়ে। প্ৰাক্তন সতীৰ্থ কমল কলিতা আৰু অমিত কুমাৰে কবিতা আবৃত্তি আৰু বিহু গীত পৰিৱেশন কৰে। ছাত্ৰ ছাত্ৰী সকলে অসমীয়া সাজ পোচাক পৰিধান কৰি বিহু নৃত্য, বিহু হুঁচৰি প্ৰদৰ্শন কৰি স্বকীয় কৃতিত্ব প্ৰদান কৰে । প্ৰাক্ বিহুৰ সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে উপাধ্যক্ষ হৰেন্দ্ৰ কুমাৰ  নাথে। উদযাপন সমিতিৰ সমন্বয়ক ড° ৰক্তিমা হুজুৰীয়ে পৰীক্ষাৰ মাজতো অসমীয়া বাপতিসাহোন ৰঙালী প্ৰাক্ বিহুৰ হুঁচৰি প্ৰদৰ্শন, সাংস্কৃতিক শোভাযাত্ৰা  তথা গীত,  নৃত্য পৰিৱেশন সঁচাকৈয়ে নৱ প্ৰজন্মৰ এক উল্লেখযোগ্য নিদৰ্শন বুলি জনাইছে । আভ্যন্তৰীণ গুণ  মূল্যাংকনৰ সমন্বয়ক ড° ইভা দেৱীয়ে শিক্ষক শিক্ষয়ত্ৰী ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন সতীৰ্থ  যৌথ প্ৰচেষ্টাত সকলোৰে  আনন্দ উতসাহিত কৰা বুলি শলাগৰ শৰাই আগবঢ়ায়৷