ওদালগুৰি জিলা আৰাক্ষীৰ গুলিত আহত ধৃত দাওহাৰু বড়ো

ওদালগুৰি জিলা আৰাক্ষীৰ গুলিত আহত ধৃত দাওহাৰু বড়ো

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা- এন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ জীম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওটে আৰক্ষীৰ গুলিত আহত অপৰাধী দাওহাৰু বড়ো।  উল্লেখ্য যে বিটিআৰ ওদালগুৰি জিলাৰ বটাকুছি গাৱৰ নিবাসী দাওহাৰু বড়ো আজি কেইবাবছৰ ধৰি সাধাৰণ লোকক ধমকী দি ধন দাবী কৰি অঞ্চলটোৰ মাজত চলাই আহিছে সন্ত্ৰাস যাৰ পৰিপেক্ষিতত ওদালগুৰি আৰক্ষীয়ে যোৱা তিনিদিন পূৰ্ৱে অপৰাধী দাওহাৰু বড়োক কৰায়ত্ত কৰি সুধ পুছ জাৰি ৰখাত দাওহাৰু বড়ো নিজে তেখেতৰ লগত এটা আৰ্মছ থকাৰ চিকাৰুক্তি কৰে। আৰু আৰক্ষীৰ কথা মৰ্মে দাওহাৰুয়ে যোৱা নিশা নিজৰ অস্ত্ৰ বা অৰ্মছ থোৱা ঠাই দুখৰ আৰক্ষীক চমজাই দিবলৈ লৈ যোৱা অৱস্থাত আন্ধাৰৰ সযোগ লৈ অপৰাধী দাওহাৰুয়ে আৰক্ষীৰ চকুত ধূল দি পলায়নৰ চেষ্টা চলাইছিল যাৰ পৰিপেক্ষিতত আৰক্ষীয়ে দাওহাৰুলৈ গুলি বৰ্ষন কৰিব লগিয়া হৈছিল, আৰু এতি মধ্যে ধৃত অপৰাধীক দাওহাৰু বড়োক টেজপুৰ মেডিকেললৈ প্ৰেৰণ কৰা হৈছে বুলি ওদালগুৰি আৰক্ষীয়ে সংবাদযোগে স্পষ্টিকৰণ দিয়ে।।