এষাৰ মাত- স্মৃতিৰেখা সোণোৱাল

pc- Toppr

এষাৰ মাত

স্মৃতিৰেখা সোণোৱাল

মাত্ৰ এষাৰ মাত বা কেইটামান শব্দই আপোনাক কেতিয়াবা কিছুসময়ৰ বাবে মোহাচ্ছন্ন কৰি ৰাখি পাইছেনে? কেতিয়াবা ক্ষণিকৰ বাবে, কেতিয়াবা বহু সময়ৰ বাবে, কেতিয়াবা বছৰ বছৰৰ বাবে আৰু কেতিয়াবা গোটেই জীৱনৰ বাবে। এৰা, মাথোঁ এষাৰি মাত আৰু কেতিয়াবা দুটামান শব্দই আমাৰ গোটেই জীৱন ভৰি থাকে, জীৱনটো একপ্ৰকাৰ জীপাল কৰি ৰাখে। কিছুমান মাত-কথা আৰু শব্দত এক আশ্চৰ্যকৰ সন্মোহনী শক্তি থাকে। কিছুমান শব্দই আমাক প্ৰতিদিনে খেদি আহে আকু কিছুমান শব্দৰ পৰা আমি প্ৰতিদিনে আঁতৰলৈ গৈ থাকোঁ। মাতেই আমাক কাৰোবাৰ কাষলৈ টানি আনে আৰু এই মাতেই কাৰোবাৰ পৰা দূৰলৈ ঠেলি দিয়ে। দিন যোৱাৰ লগে লগে আমি যিমানে ঠাইডোখৰৰ পৰা আঁতৰি আহোঁ, স্মৃতিবোৰ যিমানে অতীত হয়, সিমানেই কোনো এক ধূসৰ মূহুৰ্তত সেই শব্দবোৰ, সেই কোৰ্হালবোৰ আমাৰ মনলৈ আহে। এইষাৰ মাত কাৰোবাৰ বাবে অমৃতসদৃশ আৰু কাৰোবাৰ বাবে তিক্ততাপূৰ্ণ হʼব পাৰে। তিক্ত বচন হলাহলতকৈ কোনোগুণে কম নহয়। অমৃতসম বাণী শুনাৰ গৰাকীয়েহে উপলব্ধি কৰিব পাৰে মিঠা মাতৰ আদৰ কিমান? মিঠা মাতৰ গভীৰতা, প্ৰভাৱ আৰু আকৰ্ষণীয়তা বহুত বেছি আৰু বিষতুল্য কথাই মসৃণ জীৱন এটাকো সাময়িকভাৱে কোঙা কৰি পেলাব পাৰে। প্ৰত্যেক মানুহে একেটা জীৱনতে মিঠা মাতৰ লগতে তিতা মাতো শুনে। অকল মিঠা মাত শুনি জীৱন কটোৱা মানুহ মই লগ পোৱা নাই? অৱশ্যে কাৰোবাৰ জীৱন আনৰ পৰা পোৱা অকল তিতা কথাৰে ভৰি থাকিবও পাৰে। আমি দৈনিক মাত শুনো, মাতৰ সʼতে আমাৰ দৈনিক যোগাযোগ। কিছুমান মাতে কিয় কৰ্ণকুহৰত গুঞ্জন তুলি ৰৈ যায়? বছৰ পাৰ হৈ যোৱাৰ পাছতো সেই মাতষাৰ মনৰ মাজত অৱগাহন কৰিলে আমি অনন্য পুলক অনুভৱ কৰোঁ। সেই মাতষাৰত নিশ্চয় কিবা থাকিব লাগিব। এনে মাত আপুনি জীৱনত কেইবাৰ আৰু কিমানৰ পৰা শুনিছে? কোনোবা এটা চিনাকি দিনত অচিন এজনৰ মাতে আপোনাক মোহাচ্ছন্ন কৰি পাইছেনে? যদি পাইছে এয়াই শব্দৰ যাদু। আমি সকলোৱে এনে এটামাতৰ অধিকাৰী হʼব নিবিচাৰোঁনে?

     কিছুমান মাত শুনিলে আমি বিৰক্তি হওঁ। শুনিবলৈকে ইচ্ছা নাযায়। এনে কিয় হয়? কাৰোবাৰ মাত সহ্য কৰিব নোৱাৰ বিপৰীতে কাৰোবাৰ এষাৰ মাতত মন গলি যায়। সেইষাৰ মাতত দেহ-মন সতেজ হয়। দিনটোৰ কাম কৰিবলৈ প্ৰেৰণা পাওঁ, নিশালৈ সাৰে থাকি কাম কৰাৰ উদ্যম পাওঁ। সকলো মাতে আমাৰ দেহ-মনত একেধৰণৰ ক্ৰিয়া নকৰে। গতিকে, সকলো মাত একেধৰণৰ শক্তি শ্ৰোতাৰ গালৈ এৰি নিদিয়ে।

     আচলতে মাতেৰেই জগত ভৰি আছে। চৰাইৰ মাত, জন্তুৰ মাত, মানুহৰ মাত, বাদ্যযন্ত্ৰৰ মাত ইত্যাদি ইত্যাদি। কিছুমান মাতে আমাক জীয়াই তোলে, উজ্জীৱিত কৰি ৰাখে। হেৰুৱা মাত এটা বিচাৰি হাবাথুৰি খাই ফুৰোঁ। কাৰোবাৰ মাতবোৰ বুকুতে থাকে, বাহিৰ নহয়। মাতেৰেই হৃদয়খন ভৰি থাকে।

     সেয়ে নিজৰ সাজযোৰ, নিজৰ ঘৰটো, নিজৰ কোঠাটো ধুনীয়া কৰি তোলাৰ লগতে নিজৰ মাতটোত কমনীয়তা থকা উচিত অথচ আমি জানো সকলোৰে মাতত সেই কমনীয়তা নাথাকে। অমাতৰ মাত, আকালত ভাত বুলি এনেয়ে নকয়। ভোকত থকা এজনক আন বস্তু নিদি এসাঁজ খোৱালে তেওঁ যিমান তৃপ্তি পাব বেলেগ বস্তু দিলেও সিমানখিনি তৃপ্তি নাপায়। সকলো বস্তুৰে উভৈনদী হৈ থকাৰ পাছতো মাতৰ অভাৱত ভুগি থকা মানুহক মুখৰ মাতষাৰ দিলেই যথেষ্ট। আজিৰ ভোগসৰ্বস্ব জীৱনত কাৰোবাৰ ওচৰত যদি মাতৰ অভাৱ আৰু কাৰোবাৰ ওচৰত ভাতৰ অভাৱ। ভাতৰ অভাৱত থকাজনক ভাত নিদি মাতষাৰ দিলে আৰু মাতৰ অভাৱত থকাজনক মাতষাৰ নিদি সুস্বাদু ব্যঞ্জনেৰে খুৱালেও গুণ নিদিয়ে।

     এতিয়া খাদ্যবস্তুৰ সমান্তৰালকৈ মাতৰ অভাৱো হৈ আহিছে। মহানগৰবোৰত ভয়ংকৰভাৱে মাতৰ অভাৱ। প্ৰাসাদসম অট্টালিকাবোৰৰ ভিতৰত মাতৰ অভাৱ। এতিয়া গাঁওবোৰতো মাতৰ অভাৱে ছানি ধৰিছে, চহৰীয়া মানুহৰ আদৱ-কায়দা অনুকৰণ কৰিছে। চহৰত কাযৰ ঘৰৰ মানুহ মৰিলেও চাৰি-পাঁচ দিনলৈকে গমেই নোপোৱা চুবুৰীয়া দেখিছোঁ। সৰু-সুৰা বেমাৰ কথা বাদেই দিলোঁ। কোনোবাখিনিত যেন যোগাযোগৰ অভাৱ। চহৰৰ ঘৰবোৰ ঘন ঘনকৈ বাঢ়ি আহিলেও যোগাযোগৰ সাঁকোডাল বাঢ়িবলৈ বহু সময় লয়। এনে ক্ষেত্ৰত কোনোবা এঘৰত মানুহ মৰিলে সহৃদয়তাৰে উপস্থিত হৈ মাতষাৰ দিবলৈ যাওঁতে কোনোবাখিনিত সংকোচ হয়। সৌ সিদিনাখনলৈকে গাঁৱৰ ছবিখন বেলেগ আছিল। গাঁৱত কোনোবা এঘৰৰ মানুহ মৰিলে গোটেই গাঁওখন উুবৰি খাই পৰিছিল। ডেকা-বুঢ়াই মিলি মৰাশটো জ্বলাইছিল। মৃত্যুৰ পাছৰ সকাম-নিকাম পৰ্বতো গাঁৱৰ মানুহে সামৰ্থ্য অনুযায়ী সহায় কৰিছিল। আজিও কোনোবা কোনোবা গাঁৱত মানুহ মৰিলে গাঁৱৰ প্ৰত্যেক ঘৰে আধাকেজি চাউল আৰু পইচা দহ টকা দিয়ে। এটা বান্ধি দিয়া সামাজিক নিয়ম, দিব নোৱৰাজনে নিদিলেও কথা নাই। গৃহস্থ আৰ্থিকভাৱে টনকিয়াল নহʼলে এই চাউল আৰু টকাৰেই সকামখন সুকলমে পাৰ হৈ যায়। আত্মীয়-স্বজনেও কিছুপৰিমাণে সহায় কৰে। এতিয়া এই মাংগলিক কামফেৰা কৰিবলৈ যাওঁতেও জাকজমকতাই প্ৰাধান্য পোৱা দেখা গৈছে। আজিকালি মৃতকৰ ঘৰৰ ৰভাখনলৈকে চাম নে খাদ্য তালিকাখনলৈকে চাম? মৃত্যুৰ পাছতো ইমান আয়োজনৰ প্ৰয়োজন আছেনে নে মৰা মৰি গʼল জীয়াই থকাবোৰে দকচি খাম? এয়া মৃতকৰ প্ৰতি জনোৱা সন্মান? যদি সন্মান কেনেধৰণৰ সন্মান? অনুষ্টুপীয়াকৈ নীতি-নিয়মৰ মাজেৰে যিখিনি কৰিব লাগে, তাকে কৰিলেই নহয় জানো? জীৱিতকালত মৃত ব্যক্তিজনৰ নামত হাডাৰ টকা খৰচ কৰি নোপোৱা মানুহেও মৰাৰ পাছত লাখ টকা খৰচ কৰি সকাম পতা দেখিছোঁ। ইমানখিনি টকাৰে সকাম নাপাতি মৃতৰোগীৰ বেমাৰত খৰচ কৰা হʼলে কিজানি তেওঁ আৰু কিছুদিন বাচি থাকিলেহেঁতেন! এতিয়া গাঁৱৰ এজন মানুহৰ মৃত্যুত গোটেই গাঁওখন উবুৰি খাই নপৰে। জীৱিতকালত তেওঁক ভালপোৱা মানুহকেইজনে অন্তিম যাত্ৰালৈ যায় আৰু ভাল নোপোৱা মানুহকেইজনে আন্তোষ্টিক্ৰিয়াৰ পৰা আদি কৰি সকাম-নিকামৰ সকলো পৰ্বৰ পৰা দূৰৈত থাকে। দুৰ্ভাগ্যজনক পৰিস্থিতিত কেতিয়াৱা মৃতকৰ পৰিয়ালৰ মানুহেও দূৰৈত অৱস্থান কৰে। ইয়াৰ পৰা এটা কথাই সূচায়-এতিয়া কি গাঁও কি চহৰ সকলোতে এক ভয়ংকৰ ভাঙোন ধৰিছে।সমাজখন সুস্থিৰে থকা নাই।কোনো কোনো ক্ষেত্ৰত চহৰৰ মানুহবোৰে কৃত্ৰিম সহানুভূতিৰ প্ৰলেপ এটা সানি হʼলেও বৈৰী চুবুৰীয়াৰ ঘৰত মাত এষাৰ দিয়ে, গাৱত তাকো অভাৱ।

     পইচা দি বিলোৱা বস্তুবোৰ বিলাবলৈ মানুহে টান পায়, মাতষাৰ দিওঁতে এটকাও খৰচ নহয়। এনে ক্ষেত্ৰত এষাৰ মাত দিবলৈ কিহৰ ইমান সংকোচ? মানুহবোৰে নিজকে এটা বৃত্তৰ ভিতৰত আবদ্ধ কৰি লৈছে। তাত আৰ প্ৰৱেশ নিষেধ, বৃত্তৰ বাহিৰতহে আহ-যাহ কৰিব পাৰে, নিজও বৃত্তটোৰ বাহিৰ নহয়। এনেকুৱা অৱস্থাত উপনীত হোৱাতো শুভ সংকেট নহয়। আহক, আমি সকলোৱে পাৰ্থিৱ সম্পত্তিৰে ধনী নহʼলেও মাতৰ ধনী হওঁ।