এলান্ধু
দিপ্তী মনি গোস্বামী, লখিমপুৰ
মান্ধাতা যুগৰ এলান্ধুৰে আৱৰা
আখলৰ ওপৰৰ মকৰাজালবোৰ
অলৰ -অচৰ ভাৱে স্থিতপ্ৰজ্ঞ কিয়..?
চাফা নহলেওঁ নাই….
কিন্তু ধুতি হোৱাটো প্ৰয়োজন..!
চাবোন- চাৰ্ফৰ নিষ্প্ৰয়োজন
মাথোঁ মলিয়ন বদনে দূৰত অৱস্থান ।
তেনে ভাৱনাৰ কৱলতেই
বগা সাজ পৰিহিতা অভাগীবোৰ অপবিত্ৰ হয়,
মাংগলিক অনুষ্ঠানত বঞ্চিত হয়,
শুভ্ৰতাবোৰ আন্ধাৰৰ গহ্বৰত বন্দী হয়।
কিন্তু,
তেনে হাতেৰে তৈয়াৰী মৃষ্টান্ন
বিহ নহৈ অমৃত হে হয় ।
দাঙিব নোঁৱাৰা ব্যস্ততাবোৰ
তুলাপাতৰ দৰে লঘু হয়..!
সভ্যতাৰ বতাহে কোবাই
উৰুৱাব নোঁৱাৰে নে কৰাল মৰা
সেই এলান্ধুবোৰ…?
তৃপ্ত কৰিব নোঁৱাৰে নে
সেই তৃষ্ণাতুৰ হৃদয়বোৰ…?