এম বি বি এছ বা বি ডি এছত নামভৰ্তি

Pc DNA India

এম বি বি এছ বা বি ডি এছত নামভৰ্তি

বিশেষভাৱে সক্ষম ছাত্র-ছাত্রীসকলক সময়মতে প্ৰমাণপত্ৰ দিয়াৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিশেষ পদক্ষেপ

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  পঞ্চদশ অসম বিধান সভাৰ উন্নয়ন (খ) বিভাগৰ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী সমিতি (Departmentally Related Standing Ccommittee, DRSC)ৰ মতামতৰ ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এম বি বি এছ বা বি ডি এছত নামভৰ্তিৰ ক্ষেত্ৰত বিশেষভাৱে সক্ষম লোকসকলৰ সহায়ক হোৱাকৈ অফ লাইন কাউন্সেলিঙ ব্যৱস্থা ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে।

এই অনুসৰি সপ্তাহৰ প্ৰতি মংগল, বৃহস্পতি আৰু শনিবাৰে জিলা আৰু মহকুমা পৰ্যায়ত চিকিৎসক বিশেষকৈ অস্থিৰোগ, চকু আৰু ই এন টি বিশেষজ্ঞ আৰু সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে যুটীয়াভাৱে বহি বিশেষভাৱে সক্ষম লোকসকলক সময়মতে প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব।

ইয়াৰ বাবে সংশ্লিষ্ট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে তেওঁৰ অধীনত থকা চিকিৎসকসকলক এই প্ৰক্ৰিয়াৰ বাবে বাচনি কৰিব। উপায়ুক্ত আৰু মহকুমাধিপতিসকলে অধীক্ষকগৰাকীক এই কামৰ প্রযোজনীয়তা সম্পৰ্কত অৱগত কৰিব আৰু এই প্ৰয়োজনীয়তাৰ ভিত্তিক অধীক্ষকে উক্ত চিকিৎসা মহাবিদ্যালয়ক দায়িত্ব ন্যস্ত কৰা জিলা আৰু মহকুমাসমূহলৈ বাচনিকৃত চিকিৎসকসকলক প্ৰেৰণৰ ব্যৱস্থা কৰিব। এইক্ষেত্ৰত উল্লেখিত দিনকেইটাত যুটীয়া বৈঠকৰ স্থান আৰু সময় সংশ্লিষ্ট উপায়ুক্ত, মহকুমাধিপতি আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকসকলে থিৰাং কৰি দিব।

সপ্তাহৰ অন্যান্য দিনকেইটাত জিলাৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে প্রমাণ পত্ৰ দিয়া প্ৰক্ৰিয়াটো চলাই থাকিব। ইয়াৰ বাবে নীতি আৰু প্ৰক্ৰিয়া অনুসৰি চিনাক্তকৰণ আৰু প্ৰমাণ পত্ৰ দিয়া কামত সহায় কৰিবৰ বাবে জিলা সমাজ কল্যাণ বিষয়াই শিশু উন্নয়ন প্রকল্প বিষয়া, উপ সঞ্চালক বা আন যিকোনো বিষয়াক মনোনীত কৰি দিব।

চিকিৎসা মহাবিদ্যালয় অনুসৰি দায়িত্ব ন্যস্ত কৰা জিলাসমূহ হ’ল—

ক) গুৱাহাটী চিকিৎ‍সা মহাবিদ্যালয় হাস্পতাল–কামৰূপ মহানগৰ, কামৰূপ, মৰিগাঁও, গোৱালপাৰা, নগাঁও আৰু তামুলপুৰ

খ) অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল—ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ

গ) তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল—শোণিতপুৰ, বিশ্বনাথ, ওডালগুৰি আৰু দৰং

ঘ) যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল— যোৰহাট, মাজুলী আৰু গোলাঘাট

ঙ) শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল—–শিলচৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ

চ) ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল— পূৱ কাৰবি আংলং, পশ্চিম কাৰবি আংলং, ডিমা হাছাও আৰু হোজাই

ছ) লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল—–লখিমপুৰ আৰু ধেমাজি

জ) ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল— বৰপেটা, নলবাৰী, বঙাইগাঁও, ধুবৰী, মানকাচৰ, বাক্সা, চিৰাং আৰু বজালী