এম এছ ধোনী ৩০০ খন টি-২০ত নেতৃত্ব দিয়া প্ৰথম অধিনায়ক
ৰঙিলী বাৰ্ত্তাসেৱা- এম এছ ধোনী ৩০০ খন টি-২০ খেলত অধিনায়ক হিচাপে নেতৃত্ব দিয়া প্ৰথম জন খেলুৱৈ হিচাপে অভিলেখ গঢ়ে।ইউএইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ (কেকেআৰ) বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২১ ৰ ফাইনেলত চেন্নাই চুপাৰ কিংছৰ অধিনায়কত্ব কৰাৰ সময়ত ধোনীয়ে এই কৃতিত্ব অৰ্জন কৰে। ৪০ বছৰীয়া ধোনীয়ে দহখনআই পি এলৰ ফাইনেল খেলা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপেও অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে। ধোনীয়ে চেন্নাই ছুপাৰ কিংছৰ হৈ নৱমবাৰ ফাইনেল খেলে আৰু ২০১৭ চনত অধিনায়ক ষ্টিভেন স্মিথৰ নেতৃত্বত ধোনীয়ে ৰাইজিং পুনে ছুপাৰজায়েণ্ট দলৰ হৈ আই পি এলৰ ফাইনেল খেলিছিল।