এমুঠি সুখ -হিমাদ্ৰী বৰকটকী

PC-Flickr

এমুঠি সুখ 

কিমান আৰু সহিম এই যান্ত্ৰণা মই । নোৱাৰা হৈছো আৰু মই । সদায় সদায় মদ সোপা খায় আহি সি মোক মাৰধৰ কৰে। মোৰ মৰি যাবলৈ মন‌ যায় । জীয়াই থাকিবলৈ মোৰ অকণো মন নাই। কিন্তু কি কৰিম মই? মৰিম বুলি ভাবিলেও মৰিব নোৱাৰোঁ। কেৱল ল’ৰা ছোৱালী হালৰ কাৰনে। সিহঁতৰ দোষ ক’ত ? সিহঁতে সদায় হাই – কাজিয়া ,‌ মাৰ – ধৰ দেখিয়েই থাকে।
লাজ পায় সিহঁতে ওচৰ চুবুৰীয়া আৰু স্কুলৰ ল’ৰা ছোৱালীৰ ওচৰত। কষ্ট কৰি মই সিহঁত দুটাক পঢ়োৱাইছো আৰু দুবেলা দুসাজ খুৱাইছো। মানুহটোৱে কাম কৰি পোৱা টকা কিটা সেই গেলা মদ সোপা খাওঁতেই শেষ কৰে । ঘৰখন কেনেকৈ জোৰা-টাপলি মাৰি চলাইছোঁ মইহে‌ জানোঁ । তাতে আকৌ কেতিয়াবা গৃহস্থৰ ঘৰলৈ দেৰিকৈ কামলৈ গ’লে শুনিবলগীয়া হয় কটু কথা। খটি কৰিলেও খাব লাগে গালি। তথাপি এইবোৰ কথা আওকাণ কৰি পেটৰ পোৱালি কিটাৰ কাৰনে অহৰহ কাম কৰি থাকোঁ । মোৰ ও মন যায় সিহঁতক ভালকৈ ৰাখিবলৈ আৰু সকলো সুবিধা দিবলৈ , ভাল স্কুলত পঢ়োৱাবলৈ। কিন্তু আমাৰ নিচিনা মানুহৰ কাৰনে এইবোৰ সম্ভৱ হয় জানো ?
এদিন মই এই মানুহ‌ জনৰ লগত পলাই আহিছিলোঁ দুয়ো গৈ কামাখ্যা মন্দিৰত বিয়া হৈছিলোগৈ। মানুহজনে মোক শিৰত সেন্দুৰ পিন্ধাই নিজৰ কৰি ললে। আমাৰ ঘৰৰ কাষৰ বৰমা হঁতৰ ঘৰত তেওঁ গাড়ী চলাইছিল। মই ও বৰমা হঁতৰ ঘৰত কাম কৰিছিলোঁ। তেনেকৈ দুয়ো লগ পায় ইজনে সিজনৰ প্ৰেমত পৰিলোঁ। আৰু এদিন বিবাহ পাশত আবদ্ধ হ’লো।
বিয়াৰ পাছত ভালেই আছিল তেওঁ । বিয়াৰ এবছৰৰ পিছত যঁজা ল’ৰা ছোৱালী এহালৰ জন্ম হ’ল । সুখেৰে আমাৰ সংসাৰ খন চলি আছিল । কিন্তু লাহে লাহে সংগ দোষত পৰি তেওঁ বেছিকৈ মদ খাবলৈ ল’লে। আৰু লাহে লাহে ঘৰত অশান্তিৰ সৃষ্টি হ’বলৈ ধৰিলে । এনেকৈয়ে দিনবোৰ চলিবলৈ ধৰিলে কিন্তু আজি মোৰ খুব ভাল লাগিছে কাৰন মোৰ ল’ৰা ছোৱালী হালে কলেজৰ দেওনা পাৰ কৰি চৰকাৰী খৰছত উচ্চ শিক্ষাৰ কাৰনে চৰকাৰে অসমৰ বাহিৰলৈ পঢ়িবলৈ পঠাইছে । মোৰ কাৰনে তাতোতকৈ আৰু ভাল খবৰ একো হ’ব নোৱাৰে । সঁচাই মই আজি গৌৰৱান্বিত। সিহঁতে মোৰ কষ্টৰ মূল্য বুজি পালে । এতিয়া মোৰ শাৰীৰিক আৰু মানসিক কষ্টবোৰ ইয়াৰ তুলনাত একেবাৰে নগন্য।

হিমাদ্ৰী বৰকটকী
শিৱনগৰ , ২ নং উপপথ
নগাঁও