এমুঠি অভিজ্ঞতাৰ অনুভৱ – হীৰক কলিতা

এমুঠি অভিজ্ঞতাৰ অনুভৱ 

 হীৰক কলিতা ,
স্নাতক পঞ্চম ষাণ্মাসিক, অসমীয়া বিভাগ ,
নলবাৰী মহাবিদ্যালয়

প্ৰত্যেক জন মানুহে জীৱনত বিভিন্ন অভিজ্ঞতাৰ মুখামুখি হয় । মানুহক জীৱনত আগবাঢ়িবলৈ হয়তো এই অভিজ্ঞতাৰ বৰ প্ৰয়োজন । কেতিয়াবা আমাৰ জীৱনত আমি নভবা কিছুমান মানুহে আমাৰ অনিষ্ট কৰে । প্ৰতিটো বস্তুৰে দুটা দিশ থাকে এটা ভাল আৰু আনটো বেয়া । কিন্তু মোৰ মতে আমাক অনিষ্ট কৰি এই মানুহবোৰে বেয়াৰ বিপৰীতে আমাৰ জীৱনত ভাল দিশটোহে প্ৰতিফলিত কৰে । প্ৰকৃততে এই অনিষ্টৰ ফলত হয়তো আমি মানু্হ চিনি পাওঁ কোন কেনেকুৱা বা কাৰ কি মানসিকতা যি আমাৰ বাবে এক নতুন অভিজ্ঞতা । যদি জীৱনত বেয়া সময় নাহে তেন্তে ভাল সময় জানো চিনাক্ত কৰিব পাৰি ? সেয়েহে আমাৰ জীৱনত বেয়া মানুহ আৰু বেয়া সময়ৰো প্ৰয়োজন যিয়ে আমাক জীৱন জীয়াই থকাৰ বাবে দি যায় এক বিৰল অভিজ্ঞতা ।