এমুকুৰা নিলাজ হাঁহি !
বুকুৰ ভাঁজেদি বৈ যায় এমুকুৰা নিলাজ হাঁহি!
শিৰাই শিৰাই ৰৈ যায়
কোনোবা চিনাকী মুখৰ
অচিনাকী হাঁহি |
লিৰিকি বিদাৰি প্রতিটো ক্ষণে
বিচাৰি ফুৰে ক’ৰবাত
থিতাপি লোৱা সেই
নিলাজ হাঁহি!!
বাৰে বাৰে হাৰমনা, যৌৱনে গৰকা
পুৱতিৰ কোমল ৰ’দৰ আঁৰত
মুখ লুকাই লুকা-ভাকু খেলা
মনিব নোৱাৰা কাৰোবাৰ সেই..
উন্মাদ হাঁহি…
চুই চাব খুজিও থমকি ৰোৱা !
মাতিব খুজিও উশাহে নোজোৰা !
চাব খুজিওঁ নিলাজে ধৰা!
আতৰিব খুজিও দুভৰি থমকে !
কাৰোবাৰ সেই এমুকুৰা ,
বুজিও নুবুজা ,
সাঁথৰ হাঁহিত !!
শেৱালী কোমল
শাৰদী সন্ধিয়াৰ বিশেষ সেই..
এমুকুৰা নিলাজ হাঁহি !!!
ফাৰজিনা নুৰিন
স্নাতকোত্তৰ শিক্ষাৰ্থী
দেৰগাঁও।