এবাৰ আহিবাচোন বৰপেটালৈ
এছ ইছলাম, শিক্ষক, বৰপেটা
এবাৰ আহিবাচোন বৰপেটালৈ
মৃত বেঁকী-মানাহৰ পাৰত অৱস্থিত
মোৰ এই বিনন্দীয়া চহৰৰ লগত
দিম তোমাক চিনাকি কৰাই
হাউলী পাটবাউসী সৰ্থেবাৰী
আৰু বৰপেটা সত্ৰখন।
এবাৰ আহিবাচোন বৰপেটালৈ
বিভিন্ন ঠাইৰ পৰ্যটকসকলে
ঐতিহাসিক হাজোৰ পোৱা মক্কা
আৰু হয়গ্ৰীৱ-মাধৱ মন্দিৰলৈ
আহে হাজাৰ হাজাৰ দৰ্শনাৰ্থী
হিন্দু-মুছলমানৰ ই পবিত্র মিলন ভূমি।
চাই যোৱা বন্ধু, ই বৈকুণ্ঠধাম
সত্ৰনগৰী বৰপেটা চহৰ
বিভিন্ন সত্ৰৰ সমাগম
হাউলীৰ ৰাসমেলা আৰু বৰপেটাৰ হোলী
বিশ্ব বিশ্ৰুত মহামিলনৰ পৱিত্ৰ স্থলী
হিন্দু-মুছলমান শিখ-জৈন-খ্ৰীষ্টান
বৰপেটা চহৰখন একতাৰ নিদৰ্শন।
এবাৰ চাই যাবাচোন,
বৰপেটা মেডিকেল কলেজখন
সৰ্থেবাৰী কাঁহ-পিতলৰ উদ্যোগ
বৰপেটাৰ বাঁহ-বেতৰ উদ্যোগ
ওচৰতে ঐতিহাসিক হাজো চহৰখন
ল’বাহি ইয়াৰ বিশুদ্ধ বায়ু-পানী
অতিকে আপোন বুলি।