এফলীয়া মৰম – মুকতাৰ আলী

PC - 123RF
এফলীয়া মৰম
মুকতাৰ আলী, জে. ম. চি. এইছ, যোৰহাট 
পূৱতিৰ মিঠা মিঠা ৰদে
কি সপোন দেখালে!
দুৱৰি বনৰ বুকুত
নিয়ৰটোপাল জিকমিকালে,
শিহৰাই তুলিলে শত শুপ্ত মৰম
বলিয়া হৃদয়ৰ মতলীয়া আচৰণ।
ক্ষোভিত মই,
তোমাৰ মৰমৰ বাটৰুৱা হৈ…
উদাসীনতাক স্বাধীনতা কৰি
এহেজাৰ আশাৰে নিজকে আৱৰি।
দিনজোৰা শত কামৰ চেগত
ৰাতিৰ বুকুত নিৰ্জন ক্ষণত,
আকুলতা – ব্যাকুলতাৰ সন্ধিক্ষণত
এধানি ভাবিবাচোন মোলৈ ।
কাৰণ….
যুগে যুগে যুগ বাগৰিছে
এফলীয়া মৰমে অপহত কৰি আহিছে
সেই অশান্তিৰ অগ্নি জানো মই সহিব পাৰিম…।