এপিএছচিৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম লোকসেৱা আয়োগ (এপিএছচি) ৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি ২৩৫গৰাকী প্ৰাৰ্থীক এচিএছ, এপিএছ আৰু সংলগ্ন সেৱাত নিযুক্তিৰ বাবে এপিএছচিয়ে অনুমোদন দিছে। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা এই পৰীক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অভিলেখ ৮ মাহৰ ভিতৰত সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। এইবাৰৰ পৰীক্ষাত মুঠ ৬৭,২৫১গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন দাখিল কৰিছিল। পৰীক্ষাৰ ফলাফল অনুসৰি শীর্ষ ১০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকীয়েই হৈছে মহিলা। আনহাতে ৮৭২ নম্বৰ লাভ কৰি পৰীক্ষাত শীর্ষস্থান দখল কৰিছে শিলচৰৰ এনআইটিৰ প্ৰথম শ্ৰেণীৰ বি টেক চিৰঞ্জীৱ ফুকনে। লণ্ডন স্কুল অৱ ইকন’মিকছ আৰু ৰাজনীতি বিভাগৰ স্নাতকোত্তৰ ছাত্ৰী অনিশা বুঢ়াগোহাঁয়ে ৮২৩ নম্বৰ লাভ কৰি দ্বিতীয় স্থান দখল কৰিছে। মহিলা প্ৰাৰ্থীসকলৰ ভিতৰত তেওঁ শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। তৃতীয় স্থানত আছে জে আৰ এফ গৱেষক তথা দিল্লীৰ জে এন ইউৰ পৰা স্নাতকোত্তৰ ডিগ্রীধাৰী হিমাদ্রী জিতা বৰা। চতুর্থ স্থান লাভ কৰিছে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক-স্নাতকোত্তৰ ডিগ্ৰী ধাৰী মীনাক্ষী বৰুৱাই। তদুপৰি বজালীৰ মুগুৰীয়াৰ টুটুমণি কাকতিয়ে পঞ্চম স্থান, গোৱালপাৰাৰ মৃদুস্মিতা ৰয়ে ষষ্ঠ স্থান, বঙাইগাঁৱৰ মেৰী কলিতাই সপ্তম স্থান, শ্রীভূমিৰ দীক্ষা সৰকাৰে অষ্টম স্থান, লখিমপুৰৰ নীলম গার্গে নৱম স্থান আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অংকিতা ছেত্রীয়ে দশম স্থান লাভ কৰিছে। বাছনিভুক্ত ২৩৫গৰাকী প্ৰাৰ্থীৰ ভিতৰত এচিএছত ৪৫ গৰাকী, এপিএছত ৩৫ গৰাকী, অসম একাউণ্টছ ছাৰ্ভিচত ১০৭ গৰাকী, পৰিদৰ্শন অ’ডিটৰৰ ১১গৰাকী, কৰ অধীক্ষকৰ এগৰাকী, আবকাৰী অধীক্ষকৰ এগৰাকী, অসম বিত্ত সেৱাৰ ১৩গৰাকী, খণ্ড উন্নয়ন বিষয়াৰ বাবে ৬গৰাকী, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে ৪ গৰাকী, কৰ পৰিদৰ্শক ৪ গৰাকী, শ্রম পৰিদৰ্শক ৪ গৰাকী, সহকাৰী নিয়োগ বিষয়া এগৰাকী আৰু উপ-পঞ্জীয়ক পদত তিনিগৰাকীক নিযুক্তিৰ বাবে আয়োগে চৰকাৰক অনুমোদন প্রদান কৰিছে। ইফালে এপিএছত প্রথম স্থান লাভ কৰিছে পাৰ্থপ্রতিম শৰ্মাই। এপিএছত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্রমে অন্বেশা দুৱৰা আৰু বিজয় আহমেদ। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে পদ সংৰক্ষণ কৰা হৈছিল।