এন বীৰেন সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবী জনাই ১৯জন বিধায়কৰ প্রধানমন্ত্রীলৈ পত্ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ উত্তপ্ত মণিপুৰ। উগ্রপন্থীয়ে গোষ্ঠীগত সংঘৰ্ষৰে উত্তপ্ত কৰাৰ সমান্তৰালকৈ ৰাজ্যখনৰ ৰাজনীতিও উত্তাল হৈ পৰিছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙক অপসাৰণৰ দাবীৰে শাসকীয় দল আৰু চৰকাৰৰ ১৯গৰাকী বিধায়কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা পত্ৰ ফাদিল হোৱাৰ পাছতে ৰাজ্যখনৰ ৰাজনীতি উত্তাল হৈ পৰিছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ বিৰুদ্ধে বিদ্রোহ কৰি ১৯গৰাকী বিধায়কে এন বীৰেন সিঙক মুখ্যমন্ত্ৰীৰ পৰা অপসাৰণৰ দাবী জনাই প্রধানমন্ত্রীলৈ পত্ৰ প্ৰেৰণ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা পত্ৰখনত প্ৰথম স্বাক্ষৰ কৰিছে বিধানসভাৰ অধ্যক্ষ থৌকচম সত্যব্ৰত সিঙে। ইয়াৰ পাছতে মন্ত্রীদ্বয় বিশ্বজিৎ আৰু ৱাই খেমচান্দ আছে। পত্ৰখনত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। আনকি ৰাজ্যখনৰ নাগৰিকৰ অধিকাৰকো খৰ্ব কৰি থকা হৈছে বুলি পত্ৰখনত অভিযোগ কৰা হৈছে। ইপিনে মুখ্যমন্ত্ৰীৰ অপসাৰণৰ দাবীত ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে জিৰিবাম জিলাত উগ্রপন্থীয়ে এখন গাঁৱত বোমা আৰু স্বয়ংক্রিয় অস্ত্ৰৰে আক্রমণ চলায়। বড়ো বেক্ৰা থানাৰ সমীপত গাঁওবাসীক লক্ষ্য কৰি উগ্ৰপন্থীয়ে নির্বিচাৰ গুলীচালনা কৰাৰ লগতে বোমাৰে আক্ৰমণ চলায়। উগ্রপন্থীৰ এই আক্ৰমণৰ সৈতে সংঘর্ষত লিপ্ত হৈছে চিআৰপিএফ আৰু আৰক্ষী। দুয়োেপক্ষৰ মাজত তুমুল গুলীয়াগুলী চলি আছে। আনপিনে ঘটনাস্থলীলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণ কৰা হৈছে। এই সংঘৰ্ষত হতাহতৰ তথ্য এতিয়ালৈকে পোহৰলৈ অহা নাই। নিৰাপত্তা বাহিনীয়ে সংঘৰ্ষস্থলীৰ সমীপৱৰ্তী অঞ্চলৰ পৰা বয়োজ্যেষ্ঠ লোক, মহিলা আৰু শিশুক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে।