এন.এছ.জি.ৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত অমিত শ্বাহ

pc MSN

এন.এছ.জি.ৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা – এই বছৰৰ ১৬ অক্টোবৰৰ দিনটোত প্রত্যেক বছৰৰ দৰে এন.এছ.জি.ৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এইবাৰ ৩৭সংখ্যক প্রতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এন.এছ.জি.ক শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয়ে যে সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা তথা যুঁজিবলৈ বিশ্বমানৰ সুপ্রশিক্ষিত বাহিনী এন.এছ.জি.। এই বাহিনীটোক লৈ দেশবাসী গৌৰৱান্বিত। ‘সৰ্বত্ৰ সৰ্বোত্তম সুৰক্ষা’ মন্ত্ৰক পালন কৰাৰ ক্ষেত্ৰত কোনো হীন-ডেঢ়ি নকৰা এনএছজি বাহিনীক লৈ দেশৰ প্ৰতিজন নাগৰিকে গৌৰৱান্বিত। সন্ত্রাসবাদীৰ আক্ৰমণৰ সময়ত উচ্চ চাপজনিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম আৰু অতি দক্ষ এনএছজি তদুপৰি সন্ত্ৰাসবাদীয়ে ভয়াৱহ আক্রমণ চলাই পণবন্দী কৰাৰ লগতে অপহৰণৰ লেখীয়া ভয়াৱহ কাৰ্যকলাপৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম এন.এছ.জি.। দেশৰ ভি.ভি.আই.পি.ৰ সুৰক্ষাৰ দায়িত্ব পালন কৰি আহিছে এন.এছ.জি.য়ে। অৱশ্যে ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, এন.এছ.জি.ক কিছুসংখ্যক ভি.আই.পি.ৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা প্রত্যাহাৰ কৰা হৈছে। এন.এছ.জি.ক ব্রেককেট বুলিও জনা যায়।