এন্ ফ্ৰাংকৰ ডায়েৰি আৰু শিশুৰ সাহিত্য চৰ্চা – বন্দিতা শৰ্মা কন্দলি

এন্ ফ্ৰাংকৰ ডায়েৰি আৰু শিশুৰ সাহিত্য চৰ্চা

বন্দিতা শৰ্মা কন্দলি

১৯২৯ চনৰ ১২ জুন তাৰিখে জাৰ্মানীৰ ফ্ৰাংকফুৰ্ট চহৰত জন্মগ্ৰহন কৰা এন্ ফ্ৰাংকে মাত্ৰ তেৰ বছৰ বয়সতে লিখা দিনলেখা খনেই হৈছে এন্ ফ্ৰাংকৰ ডায়েৰি। উনৈশ শতিকাত জাৰ্মানীৰ এজন উচ্চাকাংক্ষী অত্যাচাৰী সেনাধ্যক্ষ এডল্ ফ হিট্ লাৰৰ উদ্যোগত গঠিত হোৱা ৰাজনৈতিক দল নাজী বাহিনীয়ে ইহুদী সকলৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল। তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ সময়। হিটলাৰে নিজৰ ৰাজনৈতিক আকাংক্ষা পুৰণৰ বাবে লাখ লাখ ইহুদীক নৃশংসভাবে হত্যা কৰিছিল। সেই সময়তে এন্ ফ্ৰাংকৰ দেউতাক অটʼ ফ্ৰাংকে সপৰিয়ালে হলেণ্ডত বাস কৰিছিল। তেওঁ লোকে নাজী বাহিনীৰ পৰা ৰক্ষা পাবলৈ দুজন মান বন্ধু ৰ সহযোগত আমষ্টাৰডামৰ এটা পুৰণি চাৰিমহলীয়া ঘৰৰ একেবাৰে ওপৰ মহলাৰ পিছফালৰ কোঠা দুটামানত আত্মগোপন কৰি আছিল।এন্ ফ্ৰাংকে তেওঁৰ ১৩ বছৰীয়া জন্ম দিনত আন আন উপহাৰৰ লগতে এখন ডায়েৰী উপহাৰ পাইছিল। দুদিনৰ পাছৰ পৰাই অৰ্থাৎ ১৪ জুন ১৯৪২ চনৰ পৰা তেওঁ ডায়েৰী খনত লিখিবলৈ আৰম্ভ কৰে। সৃষ্টিশীল মনৰ গৰাকী এনফ্ৰাংকে সেই বয়সত নিজকে অকলশৰীয়া অনুভৱ কৰিবলৈ লয়! যেতিয়া তেওঁ সেই ডায়েৰী খনত লিখিবলৈ আৰম্ভ কৰিলে তাৰ পাছত তেওঁ ডায়েৰী খনকে তেওঁৰ প্ৰকৃত বন্ধু হিচাপে ভাবিলে। কিয়নো তেওঁৰ আন বন্ধু আছিল যদিও অন্তৰ উজাৰি সকলো কথা ক’ব পৰা বন্ধু বিচাৰি পোৱা নাছিল। তেওঁ মৰমৰ বন্ধু জনক কিটি নাম দিছিল। ডায়েৰী খনত তেওঁ যুদ্ধকালীন সময়ে দিয়া কৰুণ অভিজ্ঞতাৰ বৰ্ণনাৰ লগতে হিয়া উজাৰি মনৰ কথা প্ৰতিদিনে লিখি গৈছিল। তেওঁ ঘটনা সমূহ বৰ্ণনা কৰোঁতে ‘মৰমৰ কিটি ‘ বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰে আৰু শেষত ‘তোমাৰ এন্ ‘ বুলি সমাপ্ত কৰিছিল। তেওঁ বন্ধু জনক ঘটনাৰ বিৱৰণ দি চিঠিৰ আকাৰে লিখি গৈছিল।ডা‌য়েৰী খনে তেওঁক এই বিষয়েও উপলব্ধি কৰাইছিল যে ‘মানুহতকৈ কাগজৰ ধৈৰ্য বেছি ‘ । কিয়নো নাজী বাহিনীৰ পৰা ৰক্ষা পাবলৈ গোপনে থকা সময়ত তেওঁ লোকৰ বিশেষ কাম নথকাৰ বাবে হতাশাত ভুগিছিল আৰু ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ মন গৈছিল যদিও বাহিৰলৈ যাব পৰা নাছিল। তেতিয়াই উপলব্ধি কৰিব পাৰিছিল যে ‘মানুহতকৈ কাগজৰ ধৈৰ্য বেছি’। নাজী বাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাতে অনাহাৰ,অনিদ্ৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত মাক,বায়েক আৰু এনৰ মৃত্যু হৈছিল ১৯৪৫ চনৰ মাৰ্চত। একমাত্ৰ দেউতাক জীৱিত অৱস্থাত আছিল। সেয়ে তেওঁ জীয়েকৰ ডায়েৰীখন যুদ্ধ শাম কটাৰ পাছত উদ্ধাৰ কৰি সম্পাদনা কৰি পুথি আকাৰে প্ৰকাশ কৰে। মাত্ৰ তেৰ বছৰ বয়সতে লিখা সেই দিনলেখাই পৰবৰ্তীকালত বিশ্ববিখ্যাত সাহিত্যলৈ ৰূপান্তৰিত হৈছে।নকলেও আমি বুজিব পাৰিছো যে এনফ্ৰাংকক আমাৰ পাঠ্যপুথিৰ মাজত বিচাৰি পোৱাৰ একমাত্ৰ কাৰণ হৈছে তেওঁৰ চিন্তাৰ পৰিধি আছিল বিশাল, লগতে এটা সৃষ্টিশীল সুন্দৰ মনৰ গৰাকী। যাৰ ফলস্বৰূপে ১৩ বছৰ বয়সতে লিখা দিনলিপি খন বৰ্তমান পৃথিৱীৰ বহুতো ভাষালৈ অনুবাদ কৰা হৈছে আৰু বিশ্ব সাহিত্যত অন্যতম শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। তোমালোকৰ মাজৰে বহুতেই গল্প, কবিতা, প্ৰৱন্ধ আৰু অনুভৱ আদি লিখিছা আৰু সেই লেখা বিভিন্ন শিশু আলোচনী, বাতৰি কাকতৰ শিশু শিতানত প্ৰকাশ পোৱা দেখা পাওঁ। এনে এটা ভাল অভ্যাস ওপৰৰ শ্ৰেণীত পঢ়াৰ বোজা বেছি বুলি ভাবি এৰি দিব নালাগে। এই কথাৰ আদৰ্শৰ দেখুৱালে তোমালোকৰ মৰমৰ সংকল্পজিৎ দাদাই । কিয়নো তেওঁ অসমীয়া খবৰ , দৈনিক জনমভূমি আদি কাকতৰ উপৰিও কেইবাখনো শিশু আলোচনীত নিয়মীয়াকৈ লিখি থাকি দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম হ’বলৈ সক্ষম হৈছে। সংকল্পজিৎ দাদাক আমি সকলোৱে অভিনন্দন জনাইছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।