এতিয়াৰে পৰা যোগ্য পৰিয়ালেহে পাব অৰুণোদয়ৰ সুবিধা

Pc The Janambhumi

এতিয়াৰে পৰা যোগ্য পৰিয়ালেহে পাব অৰুণোদয়ৰ সুবিধা

ৰঙিলী বাৰ্ত্তাসেৱা-  অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী অজন্তা নেওগৰ প্ৰতিক্ৰিয়া।নগাঁও জিলা পুথিভঁড়ালত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী পৰীক্ষণ আৰু পুনৰীক্ষণৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি অজন্তা নেওগে কয় যে,”এতিয়াৰে পৰা যোগ্য পৰিয়ালেহে পাব অৰুণোদয়ৰ নিযুক্তি।তিনি-চাৰিচকীয়া বাহন, ফ্ৰীজ আদি থকা পৰিয়ালৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ’ব।অৰুণোদয় আঁচনিত নাম সন্নিৱিষ্ট হোৱা অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰিব চৰকাৰে৷জুলাই-আগষ্টৰ ভিতৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম পুনৰীক্ষণ হ’ব আৰু এই পুনৰীক্ষণৰ সময়ত অযোগ্য ব্যক্তিৰ নাম ধৰা পৰিলে সেই নাম কৰ্তন কৰা হ’ব৷এই পুনৰীক্ষণৰ সময়ত অযোগ্য হিতাধিকাৰী ধৰা পৰে, তেন্তে তেনেধৰণৰ হিতাধিকাৰীৰ নাম লগে লগে কৰ্তন কৰা হ’ব৷হিতাধিকাৰীৰ ঘৰত গাড়ী-মটৰ থাকিলেও তালিকাৰ পৰা সেইসকল হিতাধিকাৰীৰ নাম কৰ্তন হ’ব৷ বিপৰীতে কোনো যোগ্য লোকে যদি এতিয়াও আঁচনিখনৰ সুবিধা পোৱা নাই বা আঁচনিখনৰ হিতাধিকাৰী হ’ব পৰা নাই, তেনে লোকৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিৱিষ্ট কৰা হ’ব৷