এতিয়াৰে পৰা চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলো গৰ্ভৱতী মহিলা আৰু তিনি বছৰ তলৰ শিশুৰ মাতৃসকলেও কাৰ্যালয়ত উপস্থিত থাকিব লাগিব

pc Working Mums

এতিয়াৰে পৰা চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলো গৰ্ভৱতী মহিলা আৰু তিনি বছৰ তলৰ শিশুৰ মাতৃসকলেও কাৰ্যালয়ত উপস্থিত থাকিব লাগিব

ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজ্যৰ দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা এটা নির্দেশনা কোৱা হৈছে যে এতিয়াৰে পৰা চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলো গৰ্ভৱতী মহিলা আৰু তিনি বছৰ তলৰ শিশুৰ মাতৃসকলেও কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। উল্লেখযোগ্য যে কভিডৰ পৰিপ্ৰেক্ষিতত পূৰ্বতে এনে চাকৰিয়াল মহিলাসকলক কাৰ্যালয়ত উপস্থিত থকাৰ বিপৰীতে ঘৰৰ পৰাই কর্ম সম্পাদনৰ সুবিধা প্ৰদান কৰি হৈছিল। নিৰ্দেশনাটোৰ জৰিয়তে আৰু কোৱা হৈছে যে সকলো চাকৰিয়ালৰ লগতে ঠিকাভিত্তিত আৰু নির্দিষ্ট পৰিশ্ৰমিকত নিযুক্ত কর্মীসকলেও কার্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক। অৱশ্যে চুটীত থকা কৰ্মচাৰীসকলক এই বাধ্যবাধকতাৰ পৰা ৰেহাই দিয়া হৈছে।