এতিয়াও নিৰাপদ নহয় নেকি সংসদ ভৱন? – নাছিৰ আহমেদ

PC - Architectural Digest India
এতিয়াও নিৰাপদ নহয় নেকি সংসদ ভৱন?
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
২০০১ চনৰ ১৩ ডিচেম্বৰ ১১.৩০ বজাত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰে তৈবা আৰু জৈছে মহম্মদৰ পাঁচ জনীয়া এটা দলে অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত হৈ ভাৰতৰ হৃদপিণ্ড-স্বৰূপ দিল্লীৰ সংসদ ভৱনত শীতকালীন অধিৱেশন স্বগিত হোৱা সময়ত বগা এম্বেচেডৰত ৰঙা লাইট জ্বলাই ভি আই পি ৰ ভুৱা প্ৰৱেশ পত্ৰ লৈ গাড়ী চলাই চলাই নিৰাপত্তা ৰক্ষীৰ নিৰাপত্তাৰ বেহু ভেদ কৰি সংসদ ভৱনত প্ৰৱেশ কৰি এ কে ৪৭ আৰু অত্যাধুনিক অস্ত্ৰ পৰিচালনা কৰি সাংসদক লক্ষ্য কৰি গুলি চালনা বা বোমা বিস্ফোৰণ ঘটাইছিল। কিন্তু ভাৰতীয় নিৰাপত্তা বাহিনীয়ে অতি কৌশলৰে তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু বিৰোধী ৰাজনৈতিক দলৰ নেতৃ ছোনিয়া গান্ধীক সংসদ ভৱনৰ বাহিৰলৈ অক্ষত অৱস্থাত পঠিয়াই দি এল কে আদৱানীকে আদি কৰি ১০০ জন সাংসদক ৰক্ষা কৰিবলৈ গৈ সন্ত্ৰাসবাদী সংগঠন সদস্য কেইজনক গুলিয়াই হত্যা কৰে। এজন সন্ত্ৰাসবাদীয়ে সংসদৰ প্ৰৱেশ পথত নিজকে বিস্ফোৰণ ঘটাই আত্মহত্যা কৰে।বিনিময়ত এজন মালী, নিৰাপত্তা ৰক্ষী আৰু দিল্লীৰ পাঁচ জন পুলিচ বিষয়াকে ধৰি ধৰি পাঁচজনে থিতাতে কৰুণ মৃত্যুক আকোঁৱালি লৈছিল।সংসদ ভৱনত হোৱা সন্ত্ৰাসবাদী সংগঠন লস্কৰে তৈবা আৰু জৈছে মহম্মদৰ এনে নৃশংস আক্ৰমণৰ বিৰুদ্ধে গোটেই বিশ্বজুৰি প্ৰতিবাদৰ জোঁৱাৰ উঠিছিল। সকলো দেশেই পাকিস্তান-চৰকাৰৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা এনে গৰ্হিত আৰু নিন্দনীয় আক্ৰমণৰ বাবে পাকিস্তান চৰকাৰক নিন্দা আৰু ভৰ্ৎসনা কৰিছিল।‌ পাকিস্তানৰ তদানীন্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে দিল্লীৰ সংসদ ভৱনত সন্ত্ৰাসবাদী আক্ৰমণক আমেৰিকাৰ নিউয়ৰ্কৰ  ৱৰ্ল্ড ট্ৰেড চেন্টাৰত (World Trade center) ২০১১ চনৰ ১৯ চেপ্তেম্বৰত হোৱা  সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে তুলনা কৰি পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰে তৈবা আৰু জৈছে মহম্মদকে আদি কৰি পাঁচটা সন্ত্ৰাসবাদী সংগঠনক দেশৰ ভিতৰত  নিষিদ্ধ ঘোষণা কৰিছিল। অতি শীঘ্ৰে ভাৰত চৰকাৰৰ চোৰাংচোৱা বিভাগে জম্মু কাশ্মীৰ লিবাৰেচন ফ্ৰন্ট (JKLF) দলৰ প্ৰাক্তন নেতা আফজল গুৰু‌ , দিল্লী বিশ্ববিদ্যালয়ৰ আৰবী বিভাগৰ প্ৰবক্তা এছ এ আৰ গিলানী আৰু খালিস্থান আন্দোলনৰ নেতা নৱজ্যোত সিং সান্ধুক এই সন্ত্ৰাসবাদী কাৰ্যৰ মুখ্য ষড়যন্ত্ৰকাৰী বুলি গ্ৰেপ্তাৰ কৰি  ফাঁচীকাঠত ওলোমাই দিয়ে। আফজল গুৰু‌ক ফাঁচি দিওঁতে গোটেই কাশ্মীৰ উপত্যকাত প্ৰতিবাদৰ জোঁৱাৰ উঠিছিল।আফজল গুৰু‌ক ফাঁচি দিয়াৰ আগ মুহূৰ্তত এই সন্ত্ৰাসবাদী কুটাঘাতমূলক কাৰ্যৰ লগত কাশ্মীৰৰ এজন উচ্চপদস্থ হিন্দু পুলিচ বিষয়াহে জড়িত আছিল বুলি মন্তব্য আগবঢ়াইছিল।সংসদ ভৱনত ইছলাম ধৰ্মীয় সন্ত্ৰাসবাদীৰ দ্বাৰা সন্ত্ৰাস সংঘটিত হোৱা বুলি যি অপ প্ৰচাৰ চলিছিল,সেয়া মিথ্যা বুলি প্ৰমাণ হৈছিল; এই ঘটনাৰ কিছু বছৰ পিছত খালিস্থানী সন্ত্ৰাসবাদী সংগঠনে সংসদ ভৱন বোমাৰে উৰুৱাই দিবলৈও হুমকি দিছিল। তৎসত্তেও, ভাৰত চৰকাৰৰ চোৰাংচোৱা বিভাগে কোনো তৎপৰতা লৈ নিৰাপত্তাৰ বাবে নিচ্ছিদ্ৰ পহৰা নোলোৱাৰ বাবে আকৌ ২০২৩ চনৰ ১৩ ডিচেম্বৰত দুৰ্ভাগ্যজনক ভাবে একে ঘটনাৰ পুনৰাবৃত্তি ঘটিল। তিনিতৰপীয়া কঠোৰ নিৰাপত্তাৰ বুহ্য ভেদি বিজেপি সাংসদ প্ৰতাপ সিমহাৰ কৰ্মচাৰীৰ পৰা  গেট পাছ লৈ জোতাৰ ভিতৰত গেছ কেনিষ্টাৰ লৈ সংসদ ভৱনৰ শীতকালীন অধিৱেশন চলি থাকোঁতে চাৰি জনীয়া ভগৎ সিঙ ফেন ক্লাবৰ  সদস্যই ভগৎ সিঙৰ আদৰ্শ অনুকৰণ কৰি সংসদ ভৱনৰ ভিজিটৰচ  গেলেৰীৰ পৰা দুজন সংসদ ভৱনৰ সাংসদৰ কাষলৈ গৈ বিপ্লৱী দলৰ নেতা মনোৰঞ্জন আৰু সাগৰ শৰ্মা, সংসদৰ বাহিৰত দুজন সহযোগী যেনে আনমোল আৰু নীলমে ( নাৰী)ৰঙীন গেছ স্প্ৰে   কৰি বৰ্তমান বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগ বা অন্য ক্ষেত্ৰত অৰ্থনৈতিক দুৰৱস্থাক ঢাকি ৰাখিবলৈ কৰা অপচেষ্টা বা দেশৰ কোটি কোটি নিবনুৱাক সংস্থান দিবলৈ ব্যৰ্থ হোৱা বাবে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি দি প্ৰতিবাদ কৰিছিল।  এনেতে কংগ্ৰেছৰ বয়োজ্যেষ্ঠ সাংসদ এজনে সন্ত্ৰাসবাদী এজনক গবা মাৰি ধৰি চিঞৰ বাখৰ কৰাত নিৰাপত্তা বাহিনীয়ে এই দলৰ নেতা কম্পিউটাৰ অভিযন্তা মনোৰঞ্জন  ; যিজনে কৃষক আন্দোলনৰ লগতো জড়িত আছিল আৰু বাকী তিনিজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰি আকস্মিক ভাবে সংঘটিত হোৱা আক্ৰমণৰ পৰা ভাৰতৰ হৃদপিণ্ড-স্বৰূপ দিল্লীৰ সংসদ ভৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে।  এতিয়া প্ৰশ্ন উত্থাপন হৈছে এতিয়াও নিৰাপদ নহয় নেকি সংসদ ভৱন? অত্যাধুনিক চোৰাংচোৱাৰ ব্যৱস্থা আৰু  নিৰাপত্তা বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ বুহ্য ভেদি কেনেকৈ সন্ত্ৰাসবাদীয়ে সংসদ ভৱনত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল? নে নিৰাপত্তাৰ কোনো সুৰুঙাক অৱলম্বন কৰি বাৰে বাৰে সন্ত্ৰাসবাদীয়ে সংসদ ভৱন আক্ৰমণ কৰিবলৈ সদায় কৃতকাৰ্যতা লাভ কৰে? দেশখনৰ অৰ্থনৈতিক দুৰৱস্থাৰ লগত এই সন্ত্ৰাসবাদীৰ সন্ত্ৰাসমূলক ঘটনাৰ কোনো যোগসূত্ৰ নাইতো? সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্য কেইজন বিপৰীত কোনো ৰাজনৈতিক দলৰ সদস্য বা বিশেষ ধৰ্মাৱলম্বী লোক হ’লে বৰ্তমান বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে এই সন্ত্ৰাসবাদী কুটাঘাতমূলক কাৰ্যক অন্য ৰূপ দিবলৈ হয়তো চেষ্টা কৰিলেহেঁতেন ! শীতকালীন অধিৱেশন চলি থাকোঁতেই সংসদ ভৱনৰ অসুৰক্ষিত বুলি  প্ৰমাণ হোৱাৰ বাবে বিৰোধী দলসমূহৰ লোকসভাৰ আৰু ৰাজ্যসভাৰ সাংসদ সকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা সুৰক্ষা দাবী কৰাৰ  বাবে লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষদ্বয়ে এতিয়ালৈকে অসমৰ গৌৰৱ গগৈ, অজিৎ ভূঞা, আব্দুল খালেককে ধৰি দেশৰ    সৰ্বমুঠ ৯২ জন সাংসদক  সংসদ ভৱনৰ পৰা নিলম্বন কৰা অতিকৈ দুৰ্ভাগ্যজনক কথা হৈছে। আগলৈ যাতে কোনেও যি কোনো উদ্দেশ্যে সংসদ ভৱন কোনো সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ লক্ষ্য হিচাপে বাচি ল’ব নোৱাৰে,তাৰ বাবে দেশৰ কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিব বুলি আশা কৰিব পাৰি। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে ইউ এ পি এ (UAPA) ৰ অধীনত দিল্লীৰ উচ্চ পদস্থ পুলিচ বিষয়াক লৈ এই দুৰ্ভাগ্যজনক ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তকাৰী বিষয়াই অতিশীঘ্ৰে এই সন্ত্ৰাসবাদী কুটাঘাতমূলক কাৰ্যৰ মূল কাৰণ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি ভাৰতবাসীয়ে অধীৰ ভাবে অপেক্ষা কৰি আছে।