এটি যুগমীয়া মন্দিৰ – ৰূপাংক শৰ্মা

এটি যুগমীয়া মন্দিৰ

ৰূপাংক শৰ্মা

এটি যুগমীয়া মন্দিৰ
এই খন পৃথিৱীত
সকলো মানুহে
সপোন দেখে
উৎসৱ সকলোৱে পাতে
টকা সকলোৱে ঘটে
বৰ্তমান জীৱনত এই সকলো কৰে
মানুহৰ অহ‌ংকাৰৰ কাৰণো এই টকাই
বৰ্তমান টকাৰে পৃথিৱী কিনিব লাগিছে।
কিন্তু,………………..
এই সকলোবোৰ ক্ষন্তেকীয়া
সময়ত, সপোনো শেষ হয়,
উৎসৱো পাৰ হয়,
টকাৰো অস্তিত্ব নোহোৱা হয়,
সাছি থোৱা অজস্ৰ সম্পতিও
সময়ত ম্লান হৈ পৰে
সোঁতত জীৱন নামৰ
চুনামিয়ে সকলো জীৱন ধ্বংসস্তুপত
কৰে পৰিণত।
মাথো ধ্বংস নহয় বন্ধুত্ব নামৰ
মন্দিৰটো।
একো এ সলনি নহয় এই মন্দিৰটোৰ।