এটিএমৰ পৰা ধন উলিয়াওঁতে সাৱধান

PC - Janambhumi

এটিএমৰ পৰা ধন উলিয়াওঁতে সাৱধান

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বহু এ টি এমত গ্রাহকে ধন উলিওৱাৰ সময়ত অসহায় লোকক সহায় কৰাৰ নামত একাংশ প্রবঞ্চক সক্রিয় হৈ থাকে।হাতীগাঁও থানাৰ আৰক্ষীয়ে এনে দুটা গোচৰৰ তদন্তৰ ভিত্তিত যোৱা নিশা বঙাইগাঁও আৰু সোণাপুৰৰ পৰা ৪টা এ টি এম কার্ডৰ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে।এই প্রবঞ্চক চক্ৰটোৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ আপত্তিজনক নথি-পত্ৰ জব্দ কৰিছে।ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চককেইটা হ’ল লটফাৰ ৰহমান, আমিনুল, হানিফুৰ আৰু চাহিদুল।আৰক্ষীয়ে এই প্ৰৱঞ্চক চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত পূর্বেও দুটাক গ্ৰেপ্তাৰ কৰিছিল৷উল্লেখযোগ্য যে কিছুদিন পূৰ্বে হাতীগাঁও আৰক্ষীয়ে ঘোঁৰামাৰাৰ এটা এ টি এমত সংঘটিত ঘটনাৰ পাছত প্ৰাণজিৎ দাস আৰু দেৱেন্দ্ৰ কলিতা নামৰ দুজন ভুক্তভোগী ব্যক্তিৰ দুটা অভিযোগৰ ভিত্তিত ঘটনাৰ তদন্ত চলাই বাবুল আহমেদ আৰু জিয়াৰুল ৰহমাৰ নামৰ দুটাক জেৰা চলাই আৰক্ষীয়ে এই প্রবঞ্চক চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷এই সমগ্র অভিযানত প্ৰৱঞ্চককেইটাৰ পৰা আৰক্ষীয়ে ৩খন বিলাসী বাহন, ৮৮খন এ টি এম কার্ড,৮টা ম’বাইল ফন, ৩টা পি অ’ এছ মেচিন,নগদ ১৫ হাজাৰ টকা জব্দ কৰিছে।অভিযোগকাৰী দুয়োগৰাকী ব্যক্তিৰ এ টি এম কার্ড ব্যৱহাৰ কৰি প্ৰৱঞ্চককেইটাই ধন উলিয়াই নিছিল।এটি এমৰ চি চি টিভিৰ ফুটেজৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে প্ৰৱঞ্চক চক্ৰটোক গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইত এনে প্ৰৱঞ্চনাৰ জাল পেলাই অহা প্রবঞ্চককেইটাৰ লগত আৰক্ষীয়ে আৰু বহুতো দুষ্কৃতিকাৰী জড়িত হৈ থকাৰ সন্দেহ কৰিছে।ইয়াৰ পূৰ্বেও মহানগৰীৰ বহুকেইটা এ টি এমত সংঘটিত এনে ঘটনাৰ তদন্তত বহু প্ৰৱঞ্চক চক্রক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।কিন্তু ইয়াৰ পাছতো গুৱাহাটী মহানগৰীত কমা নাই এনে ঘটনা।এ টি এমত পূর্বে খাপপিটি থকা প্ৰৱঞ্চকে মহিলা তথা বয়োবৃদ্ধ ব্যক্তিক সহায় কৰি দিয়াৰ অচিলা লৈ এনে দুষ্কার্য সংঘটিত কৰি আহিছে।