এজাক শিশুৰ মৃত স্বপ্ন
পুলিন ডেকা
শাৰীবদ্ধভাৱে আছিল এজাক শিশু
বৰফৰ শীতোষ্ণ ছাঁত এমুঠি নিথৰ হাঁহিৰ খলকনি
ক্ষেপণাস্ত্ৰৰ উশাহত
ক্ষত-বিক্ষত শব্দৰ চাকনৈয়া থমকি ৰৈছে
ভাৰাক্ৰান্ত সময় বুটলি প্ৰতিটো দিনত উঠা-নমা
কৰিছে এমুঠি তমসা গুঞ্জন
নিশা এন্ধাৰে বুটলি লৈছে বোমাত বিধ্বস্ত পোহৰ
সুখী কৰিবলে ‘ মৃত্যুৰ বেদনাকো গলিবলে’ দিব লাগে
খুব নীৰৱে আছে বন্দুকৰ গুলীত বিদীর্ণ
শিশুৰ চকুৰ মণি, কলিজাৰ তেজসিক্ত ঢৌৰ বোৱঁতী সুঁতি
আৰু এটা অপৰাহ্ন আবেলি।
প্ৰতিগৰাকী মাতৃয়ে বুকু গুঁজি দিছে নিথৰ শিশুৰ ওঁঠত
প্ৰতিগৰাকী পিতৃয়ে দৃষ্টিত গুঁজি লৈছে উদঙীয়া ৰাজপথ
সৈনিকৰ খোজৰ শব্দ
সমাধিৰ পথাৰত এতিয়া এজাক বিষাক্ত বতাহ
শুভ্র দলিচাত উভতি যোৱা সময়বোৰে বাৰুকৈয়ে উজুতি খাইছে
এইমাত্ৰ এজন কামাণ্ডাৰে আহি ক’লে—মৃত শিশুবোৰক
জ্বলাই দিবলৈ কেইটামান বোমা আনিবলৈ দিয়া হৈছে।
তাৰ পিছত যুদ্ধাস্ত সময়বোৰে কঢ়িয়াই ফুৰিছিল
মাতৃৰ উদং কোলা
আচলতে তেতিয়া দিবলে একোৱেই নাছিল
আছিল মাথোঁ স্বপ্নৰ দৌৰত উটি-ভাঁহি ফুৰা নিলাজ আস্ফালন
শিশুৰ সপোন কঢ়িয়াই আগুৱাই যোৱা মৃত সোঁৱৰণত
হেঁপাহৰ আলফুল ঘুমুটিয়ে বাট হেৰুৱাইছে
হৃদয়ৰ প্ৰতিটো শোকার্ত শব্দই এদিন হয়তো
শ্ল’গান হ’ব – মৃত্যু নে জীৱন?
যুদ্ধ নে শান্তি? লাহে লাহে মৃত শিশুৰ দেহবোৰত
উতলি উঠিছে সন্ত্রাসিত পদধ্বনিৰ সুৰ
আৰু ক’লা আৱৰণৰ এখন নৰীয়া পৃথিৱী।