এজাক ক’লা বৰষুণৰ চিক্মিকনি
-পুলিন ডেকা
দিন-বাৰ ঠিক মনত নাই
এদিন দোকমোকালিৰ বিবৰ্ণতাত তিতি আছিল
এজাক ক’লা বৰষুণৰ চিক্মিকনি
মানুহবোৰে উশাহ লোৱা নাছিল
নিশ্বাসৰ দুৱাৰ মুখত শুকান তেজবোৰ
চেলেকি আছিল এজাক দুৱৰি বনে
হয়তো অলপ পিছত বানে পুতি পেলাব জেঠৰ শেলুৱৈ
আনকি পাহাৰৰ সীপাৰে থকা শিলৰ খোজবোৰ
হালধীয়া বতাহছাটিয়ে শুহি নিয়া মাটিৰ গোন্ধত
আকৌ আহিছে হাবিতলীয়া ছাঁ
থপিয়াই নিবলে ডেউকা ভগাৰ শব্দ
গোট খাইছে উই হাফলু এটাৰ কাষত
জীয়া বন্দীশালৰ দৰে সেউজ ধপধপনি
কলীয়া ডাৱৰত থূপীকৃত তৰাৰ
শীতার্ত আঙুলিত বগাই আহিছে
কুণ্ডলী পকোৱা জিল্মিলনি
ক’লা বৰষুণজাকে এন্ধাৰৰ পথটোৰে আগুৱাইছে
সন্মুখত মামৰৰ মূৰ্তি এটা
নিদ্রালু ভংগীত ভাগিছে বিষণ্ণ সংগীত
দুৱাৰ মুখতে দহিছে তুষাৰপাতৰ শিখা
তথাপি পৰা নাই আঁজুৰি আনিব
ক’লা বৰষুণ জাকৰ সপোন।