এগৰাকী ব্যতিক্ৰমী চিকিৎসকৰ কথাৰে – ফখৰুদ্দিন আহমেদ

এগৰাকী ব্যতিক্ৰমী চিকিৎসকৰ কথাৰে

ফখৰুদ্দিন আহমেদ

এতিয়াৰ পৰা প্ৰায় ১৭/১৮ বছৰমান পূৰ্বৰ কথা। মোতকৈ অগ্ৰজ কৃতী শিক্ষক, সুলেখক , অভিনেতা আৰু দৰঙী কৃষ্টিৰ অন্যতম অঙ্গ চেৰাঢেকৰ গৱেষক তথা সাধক , ছিপাঝাৰৰ মাৰৈ গাঁৱৰ বাসিন্দা হাফিজ আলি দাদাৰ আমন্ত্ৰণ ক্ৰমে এগৰাকী সুচিকিৎসকে তেখেতৰ লগত তিনি গৰাকী সঙ্গী সহ আমাৰ ঘৰত এদিন ৰাতি ন বজা মানত আহি উপস্থিত হৈছিল। উদ্দেশ্য ডাঙৰ নাছিল যদিও পিছত জানিব পাৰিছিলো যে চিকিৎসক হিচাপে এখন নিৰ্দিষ্ট আসনত বহি থাকি আমনি লাগিলে তেখেতে এনেদৰে গ্ৰাম্য পৰিবেশত সময় কটাই নিজক নিজৰ কৰ্মক্ষেত্ৰৰ সৈতে এনে প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ মনোনিবেশ কৰাৰ মানসিকতা গোটাই লৈছিল। মই বয়সত বহু সৰু আছিলো বাবে তেখেতৰ সৈতে কথা পাতি সময় পাৰ কৰিবলৈ আমাৰ গাঁৱৰে বিশিষ্ট সমাজকৰ্মী, জ্যেষ্ঠ অধিবক্তা ফাইজুৰ ৰহমান আৰু সানোৱা হাই মাদ্ৰাছাৰ সহকাৰী শিক্ষক কমৰুদ্দিন আহমেদক উপস্থিত কৰাৰ ব্যবস্থা কৰিছিলো আৰু সময় মতে দুয়ো গৰাকী ব্যক্তি উপস্থিত হৈছিল। শেষ নিশা মানে তিনি বজা মানত তেখেত সঙ্গী সহ আমাৰ ঘৰৰ পৰা বিদায় লৈছিল। সেই দিনাৰ পৰা সেই চিকিৎসক গৰাকীৰ সৈতে মোৰ মধুৰ সম্পৰ্ক স্থাপন হৈছিল সেয়া কোনো কাৰণতে কমা নাই ।বৰঞ্চ বাঢ়ি বাঢ়ি গৈহে আছে। মই ব্যক্তিগত ভাৱে বহু কথাই শিকিলোঁ আৰু উপকৃত হলো আৰু মোৰ জৰিয়তে অনেক লোক তেখেতৰ দ্বাৰা উপকৃত হৈ আছে।এই চিকিৎসক গৰাকী হৈছে এগৰাকী জ্যেষ্ঠ, প্ৰতিভাবান চকু বিশেষজ্ঞ। সমগ্ৰ অসমৰ লগতে পশ্চিমবঙ্গ পৰ্যন্ত যাৰ সুনাম বিয়পি আছে ; তেখেতৰ নাম হৈছে ডা: আখতাৰুল ইছলাম। মোৰ পৰম সন্মানীয় আৰু শ্ৰদ্ধাৰ ব্যক্তি। মই বয়সত তেখেততকৈ বহুত সৰু হোৱাৰ পিছতো মোক তেখেতে “আপুনি” বুলি সম্বোধন কৰে। বহুত আপত্তি কৰোঁতে তেখেতে এদিন কৈছিল ” বয়সত ডাঙৰ হলো বুলিয়েই এগৰাকী শিক্ষকক মই কেতিয়াও তুমি বুলি সম্বোধন কৰিব নোৱাৰো “।জানিব পৰা মতে চিকিৎসক জীৱনৰ প্ৰথমৰ পৰাই তেখেতে ব্যক্তিগত চেম্বাৰত চকু চিকিৎসা আৰম্ভ কৰিছিল আৰু সাম্প্ৰতিক সময়তো নিষ্ঠা সহকাৰে অতি নুন্যতম অৰ্থৰ বিনিময়ত তেখেতে চিকিৎসা সেৱা আগবঢ়াই আহিছে। কামৰূপ জিলা (গ্ৰাম্য) ৰ বাইহাটা চাৰিআলি , চাঙচাৰি আৰু গুৱাহাটী মহানগৰীৰ আমবাৰী বুঢ়া মছজিদৰ সন্মুখত তেখেতৰ চেম্বাৰ আছে। নাম একেটাই “মাছুম’। যাৰ অৰ্থ হৈছে নিষ্পাপ। সদ্যজাত সন্তানৰ সৈতে এই অৰ্থটো এশ শতাংশ প্ৰযোজ্য হয়।পোনপটীয়াকৈ উল্লেখ কৰিব লাগিলে কামৰূপ আৰু দৰং জিলাৰ বিভিন্ন অঞ্চলত তেখেতে তেখেতৰ পেছাগত দিশৰ দ্বাৰা “চকু চিকিৎসা শিবিৰ ” অনুষ্ঠিত কৰি সৰ্ব সাধাৰণ দুখীয়া মানুহক উপকৃত কৰি আহিছে। ইয়াৰ উপৰিও মেধা সম্পন্ন দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলৰ বহুতকে আৰ্থিক ভাৱে সহায় কৰি অহাৰ কথা মই প্ৰত্যক্ষ ভাৱে অবগত। ডা: আখতাৰুল ইছলামৰ চিকিৎসা আৰু সমাজ সেৱাৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকত যোগে বলিউদ জগতৰ কিম্বদন্তী অভিনেতা অমিতাভ বচ্চনে অবগত হৈ তেখেতলৈ ব্যক্তিগত ভাৱে পত্ৰ লিখি উৎসাহিত কৰা কাৰ্য এইক্ষেত্ৰত বিশেষ ভাৱে উল্লেখনীয়।সন্মানীয় ডা: ইছলাম চাৰৰ সৈতে সম্পৰ্ক স্থাপন হোৱাৰ পৰা বৰ্তমান সময়লৈকে মই নিজেই বহু মানুহক তেখেতৰ ওচৰলৈ চকু চিকিৎসা কৰাবলৈ লৈ গৈছো। তেখেতৰ সৌহাৰ্দ্য আৰু আন্তৰিকতাপূৰ্ণ ব্যবহাৰ আৰু সুচিকিৎসাৰ দ্বাৰা ৰোগী সকল গভীৰ ভাবে সন্তুষ্ট হয়। এইটো বৰকৈ মন কৰিবলগীয়া বিষয় যে ৰোগী সকলৰ লগত তেখেতে প্ৰয়োজনীয় সময় ব্যয় কৰাত এক তিলমানো কাৰ্পণ্য নকৰে। বাহিৰত কিমান ৰোগীয়ে অপেক্ষা কৰি আছে তালৈ তেখেতে কোনো দিনে ভ্ৰক্ষেপ কৰাৰ নজিৰ নাই।। ৰোগী এগৰাকীক দিব পৰা খিনি উজাৰি দিয়াত তেখেত সদা ব্যস্ত।অসমীয়া সাহিত্যৰ জগত খনিৰ প্ৰতি থকা তেখেতৰ দায়বদ্ধতা মন কৰিবলগীয়া। তেখেতে বিভিন্ন কাকত আৰু আলোচনীত চকুৰ বিভিন্ন ৰোগ আৰু নিৰাময়ৰ ওপৰত নিয়মীয়াকৈ প্ৰবন্ধ পাতি লিখি আহিছে। প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চকুৰ বিভিন্ন ৰোগৰ ক্ষেত্ৰত সমগ্ৰ অসমত সজাগতা সৃষ্টিত তেখেতৰ অৰিহণা সছাকৈয়ে শলাগিবলগীয়া। ক’ভিড-১৯ ৰ সঙ্ক্ৰমণৰ সময়ত ক’ভিড-১৯ ৰ ওপৰত ল’বলগা সাবধানতাৰ বিষয়ে লিখা প্ৰবন্ধবোৰ বিশেষ ভাৱে উল্লেখযোগ্য। তেখেতৰ প্ৰকাশিত প্ৰবন্ধবোৰ একগোট কৰি গ্ৰন্থৰ আকাৰ দিব পাৰিলে পঢ়ুৱৈ সমাজৰ বহু উপকাৰ হ’ব। ইতিমধ্যে তেখেতে ইছলাম ধৰ্মীয় বিষয়ৰ ওপৰত তিনিখনমান গ্ৰন্থ প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও বহুকেইজন লেখকৰ গ্ৰন্থৰ তেখেত প্ৰকাশক হৈছে আৰু লেখক সকলক উদ্গনি যোগাইছে।চকু চিকিৎসাৰ ক্ষেত্ৰখনিৰ পৰিধি পাৰ হৈ অসমৰ সমাজ ব্যবস্থা, অৰ্থনীতি , শিক্ষা, সঙস্কাৰ আদিত ডা: আখতাৰুল ইছলামে আগবঢ়াই অহা সেৱা পৰৱৰ্তী প্ৰজন্মৰ বাবে পৰম আদৰ্শনীয় হৈ থাকিব। সাম্প্ৰতিক সময়ত চিকিৎসক সকলে সেৱাতকৈ ব্যবসায়িক দিশটোৰ প্ৰতিহে সততে দৃষ্টি ৰখা দেখা যায়। সৎ চিকিৎসকৰ সুচিকিৎসাৰ মহঙা দিনত একে আষাৰে ক’বলৈ গ’লে শ্ৰদ্ধাৰ ডা: আখতাৰুল ইছলামে আগবঢ়াই অহা মানৱ সেৱাৰ প্ৰতি থকা পৰকাষ্ঠা সেয়া চিৰদিনৰ বাবে তেখেতৰ সান্নিধ্য প্ৰাপ্ত সকলৰ বাবে সোঁৱৰণীৰ সোনালী পৃষ্ঠা হিচাপে উজ্জ্বল হৈ থাকিব।