এক মাইক্ৰ’চেকেণ্ডৰ মূল্য কিমান এইবাৰ বুজিলোঃ হিমা দাস

Pc Hindustan Times

এক মাইক্ৰ’চেকেণ্ডৰ মূল্য কিমান এইবাৰ বুজিলোঃ হিমা দাস

ৰঙিলী বাৰ্ত্তাসেৱা-  মই কেতিয়াও শেষ হৈ নাযাও।এক মাইক্ৰ’ চেকেণ্ডৰ মূল্য কিমান এইবাৰ বুজিলো।কমনৱেলথ গেমছৰ অভিজ্ঞতাৰে অনাগত দিনত আগবাঢ়িব অসম কন্যা ধিং এক্সপ্ৰেছ হিমা দাস।কমনৱেলথ গেমছৰ অভিজ্ঞতাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে হিমা দাসে।সংবাদ মাধ্যমৰ আগত হিমাই কয় যে, “প্ৰতিযোগিতাত অংশ লৈ বহু কথা শিকিলো।পূৰ্বে এনেবোৰ অভিজ্ঞতা নাছিল।এক মাইক্ৰ’ ছেকেণ্ড কিমান গুৰুত্বপূৰ্ণ সেয়া কমনৱেলথ গেমছে শিকালে।ছেমি ফাইনেলৰ দিনা বহুত ঠাণ্ডা আছিল,মই কঁপি আছিলো।২০১৮ত খেলৰ পৃথিৱীখনৰ সৈতে জড়িত হ’লো।তাৰ পাছতে আঘাত বাবে খেলিব পৰা নাছিলো।ক’ভিড,আঘাতৰ পিছত ২টা বছৰৰ অন্তত প্ৰতিযোগিতাত নামিছো।”হিমাই লগতে কয় যে,মই কেতিয়াও শেষ হৈ নাযাও।মোৰ বাবে জিলা পৰ্যায়ৰ খেল যিমান গুৰুত্ব,অলিম্পিকো সিমানেই গুৰুত্ব।গতিকে আগত যি গেম আহে সেয়াই মোৰ লক্ষ্য।কমনৱেলথ গেমছৰ অভিজ্ঞতাৰে অনাগত দিনত আগবাঢ়িম।