এক নতুন দিগন্ত – মন শৰ্মা

-এক নতুন দিগন্ত –

তোমাক লগ পোৱাৰ শুভদিনত ‌
মৃত প্ৰায় মন এটি দিছিলোঁ উপহাৰ
প্ৰথম চিনাকিত
বুজাইছিলা প্ৰেম কি
শিকাইছিলা
বিশ্বাসে ই যত মৰম ভালপোৱা
সপোন দেখিব কৈছিলা দিঠক কৰিবলৈ
সপোনবোৰেও হাত বাউলী মাতিছিল
নতুন দিগন্ত লৈ ‌ধাবমান হ’বলে
বোৱাই দিছিলা সপোনৰ নৈ ,
দিশহাৰা নাওঁ খনক
লক্ষ্য স্হানৰ গতি
আৰু, হেৰাই পোৱা সুখৰ অনুভূতি,
মাতাল বিভস্য ৰাতিবোৰ
আজি আৰু মাতাল‌ নহয়
জোনাকী বোৰেও
মৃদু ছন্দত নাচিছে,
চোৱা চোন আকাশ খন
তৰাবোৰে কেনেকৈ তিৰবিৰাইছে
জোনবাই ও লুকা‌ ভাকু খেলিছে
হয়টো সিহঁত বোৰে ও
আনন্দত আত্মহাৰা হৈছে,
সচাই দৃষ্টি আৰু মন সুন্দৰেই
সকলোবোৰ সুন্দৰ দেখাইছে চাগে,
আজি আগতকৈ
বেছি ধুনীয়া লাগিছে তোমাক
নহয় ও,
প্ৰতিটো বস্তু ধুনীয়া আৰু চচ্ছ দেখিছোঁ
ক’ব নোৱাৰা কৈ তোমাৰ প্ৰেমত‌ পৰিছিলো
উমান নাপালোঁ কেতিয়া আঙুলিত ধৰি
চকুৰ কলা পৰা ৰেটিনা খন সলনি কৰিলা ,

মন শৰ্মা,

গুৱাহাটী , কামাখ্যা