একবিংশ শতিকা গৰকা অন্ধবিশ্বাস.. নিৰ্মূলকৰণ কিদৰে সম্ভব?- মানসী মিশ্ৰ

Pc The Print

একবিংশ শতিকা গৰকা অন্ধবিশ্বাস.. নিৰ্মূলকৰণ কিদৰে সম্ভব?

মানসী মিশ্ৰ

এইখন অসমতে ঘটি গৈছে এই ভয়ংকৰ, শিহৰণকাৰী ঘটনাটো, যিয়ে সভ্য সমাজত বাস কৰি থকা প্ৰতিজন মানুহৰ মন মগজু স্তব্ধ কৰিছিল৷ অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত পৰি এটি পৰিয়ালে সংঘটিত কৰিলে এই ভয়াবহ ঘটনা, যি ভয়ংকৰ দৃশ্যসমূহ চকুৰে চোৱাৰ পিছত, কাণেৰে শুনাৰ পিছত মানুহে নিজৰ চকু কাণকে বিশ্বাস কৰিবলৈ টান পাইছে৷ একবিংশ শতিকাত উপলব্ধ আমি সকলোৱে বিভিন্ন সময়ত বিজ্ঞান সন্মত মানসিকতাৰ অধিকাৰী হোৱাৰ কথা কওঁ, সঁচাকৈয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ উপাদানসমূহে আমাৰ দৈনন্দিন জীৱন যাত্ৰাত শিশুৰ পৰা বৃদ্ধালৈকে সকলো মানুহৰ জীৱনৰ দৈনন্দিন কাম কাজবোৰত এৰাব নোৱাৰা ধৰণে স্পৰ্শ কৰি যায়৷ মোবাইল ফোনটো হাতত নাথাকিলে, ইণ্টাৰনেটটো দিনটোৰ ভিতৰত এবাৰ চাব নোৱাৰিলে, টি. ভিৰ সন্মুখত দিনটোৰ ভিতৰত এবাৰো বহিব নোৱাৰিলে সেই সময়খিনিৰ বাবে নিজকে অচল যেন লাগে৷ বিজ্ঞান প্ৰযুক্তিৰ অৱদানেৰে সমৃদ্ধ, আধুনিক মানৱ সমাজৰ এই লোকসকলে সময়ে সময়ে অন্ধবিশ্বাস, কু সংস্কাৰৰ নামত একোটা ভয়ানক জঘন্য কাণ্ড কেনেদৰে সংঘটিত কৰিব পাৰে, সেই কথা ভাবিবলৈকে আচৰিত লাগে৷ ওদালগুৰি জিলাৰ কলাইগাওঁ ব্লকৰ ৰামগাওঁ, কুলসীপাৰা অঞ্চলত এটি শিক্ষকৰ পৰিয়ালত পৰিয়ালৰ লোকসকলে নিজে সংঘটিত কৰা বৰোৰচিত ঘটনা অন্ধবিশ্বাসৰ নামান্তৰৰ বাহিৰে আন একো হ’ব নোৱাৰে, যি ঘটনাই সভ্য সমাজত বাস কৰা ৰাজ্যখনৰ প্ৰতিজন সচেতন লোককে লজ্জানত কৰিছে বিশ্ববাসীৰ সন্মুখত৷
সাধাৰণতে প্ৰায়বোৰ মানুহৰ মনতে এই ধাৰণাটো থাকে যে শিক্ষাৰ পোহৰ নোহোৱা, স্বাস্থ্য সেৱাৰ কোনো সুযোগ সুবিধা নথকা, বৰ্হিঃজগতৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা অত্যন্ত দুৰ্গম অঞ্চলসমূহত অন্ধবিশ্বাস, কু সংস্কাৰৰ প্ৰাদুৰ্ভাৱ বেছি৷ আনুষ্ঠানিক শিক্ষা লাভ নকৰা অথবা অৰ্ধ শিক্ষিত লোকসকলৰ মনত সহজে অন্ধবিশ্বাসে বাহ লয় আৰু তেওঁলোকক সেই চিন্তাধাৰাৰ পৰা মুক্ত কৰিবলৈ যথেষ্ট কঠিন৷ কিন্তু এই ঘটনাটোৱে সকলোকে স্তমভিত কৰি দেখুৱালে যে একবিংশ শতিকাৰ সমাজত বাস কৰা বিজ্ঞান শিক্ষক আৰু তেওঁৰ পৰিয়ালটো অন্ধবিশ্বাসৰ বোকাৰে লুতুৰি পুতুৰি হৈ আছে৷ বিগত এঘাৰ বছৰ ধৰি এই বিজ্ঞান শিক্ষকৰ ঘৰতে এজন ভণ্ড তান্ত্ৰিকে বেজ বেজালি, তন্ত্ৰ মন্ত্ৰৰ দৰে কাৰ্য্য কলাপ চলাই আহিব পাৰিছে৷ বিগত ৩৫ বছৰ ধৰি এই ব্যক্তিজনে বিজ্ঞান শিক্ষকৰূপে হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীক কি বিজ্ঞান শিক্ষা প্ৰদান কৰিলে, সেয়া সকলোৰে সন্মুখত এক ডাঙৰ প্ৰশ্ন, য’ত তেওঁ নিজেই অন্ধবিশ্বাসৰ মায়া জালেৰে আৱৰা৷ সমাজ এখনৰ উত্তৰণত এজন শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে৷ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দীক্ষা প্ৰদান কৰি জ্ঞানৰ বাট মোকোলাই দিয়াৰ লগতে তেখেতৰ চিন্তা ধাৰা, কাৰ্যকলাপৰ দ্বাৰা যাতে সমাজখনৰ সামাগ্ৰিক বিকাশ আৰু উত্তৰণত সহায়ক হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷ বিশেষকৈ গাঁৱ এলেকাত শিক্ষকজনক শৈক্ষিক, সামাজিক উন্নয়নৰ মূল চালিকা শক্তি বুলি ধৰি লোৱা হয়৷ কৰবাত যদি ভিতৰুৱা এলেকাত আনুষ্ঠানিক শিক্ষাৰ পোহৰ নোপোৱা মানুহৰ মাজত ধৰ্মান্ধতা, কু সংস্কাৰ আদি সোমাই থাকে তেন্তে সেই মানুহখিনিক বুজাই বঢ়াই যাতে এই সমূহ নিৰ্মূল কৰণত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰে, সেইয়া আমাৰ সমাজখনে, ৰাইজে আশা কৰে৷ অথচ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত সোমাই থকা এই বিজ্ঞান শিক্ষকজনে প্ৰায় দুকুৰি বছৰে ছাত্ৰ ছাত্ৰীৰ মাজত যিধৰণৰ শিক্ষাৰ পোহৰ বিলালে সেয়া বুজিবলৈ কাৰোৱেই বাকী নাই৷ শিক্ষকতাৰ দৰে মহান বৃত্তিটোৰ আদৰ্শক তেখেতে উপলুঙা কৰাই নহয় নিজৰ বৃত্তিটোৰ লগত জড়িত দায়িত্ব আৰু ভূমিকাৰো অপ প্ৰয়োগ কৰিলে৷ আনকি তেখেতৰ শিক্ষিত পুত্ৰকো এই কামত জড়িত কৰাইছিল৷ দিল্লীৰ পৰা বি.টেক পাঠ্যক্ৰম সমাপ্ত কৰা এইজন পুত্ৰৰ চিন্তাধাৰা কায্যৰ্কলাপে সচেতন প্ৰতিজন ৰাজ্যবাসীকে হতচকিত কৰিছে৷ টি.ভিৰ পৰ্দাত সমগ্ৰ ৰাজ্যবাসীয়ে নি(য় প্ৰত্যক্ষ কৰিছে তেখেতৰ ঘৰত বিজ্ঞান প্ৰযুক্তিৰ কৌশলৰে নিৰ্মিত সকলো আচবাব পত্ৰ বিৰাজমান৷ ঘৰৰ চৌহদত বিলাসী গাড়ী, বিলাসী বাইক৷ এনে উন্নত মানদণ্ডৰে জীৱন নিৰ্বাহ কৰা ব্যক্তিজনে লগতে পৰিয়ালটোৱে বিগত এটা দশকৰো অধিক কাল এজন ভণ্ড তান্ত্ৰিকৰ কথাত উঠা বহা কৰিছিল, বেজ বেজালি কৰি আহিছিল আৰু শেষত নৰবলিৰ দৰে নিকৃষ্ট, ভয়াবহ কাম কৰিবলৈকো প্ৰস্তুত হৈছিল৷ তেখেতৰ এই বেজ বেজালিৰ কামত নি(য় এচাম মানুহে সহযোগিতা, সাৰপানী যোগাইছিল৷ সেইবাবেই তেওঁ নিৰ্ভয়ে আৰু নিৰ্বাবাদে এই কামসমূহ চলাই লৈ যাব পাৰিছিল আৰু তেওঁৰ বাসগৃহত সময়ে৷ সময়ে এচাম ধৰ্মান্ধ মানুহৰ সমাবেশ ঘটিছিল৷
সমাজত বাস কৰা সকলো মানুহৰ ধৰ্মৰ প্ৰতি কিছু বিশ্বাস থাকে, যিয়ে বহু সময়ত মানুহক মানসিক শক্তিৰো যোগান ধৰে৷ কিন্তু অতি মাত্ৰা ধৰ্মৰ প্ৰভাবে এটা সময়ত মানুহক ধৰ্মান্ধ কৰি তোলে আৰু এই ধৰ্মান্ধতাই মানুহৰ মনত অন্ধবিশ্বাসৰ জন্ম দিয়ে৷ এই অন্ধবিশ্বাসে আমাৰ জীৱনযাত্ৰাত প্ৰায়ভাগ সময়তে নেতিবাচক প্ৰভাব পেলায়৷ সমাজত যে কেৱল জুপুৰি ঘৰত বাস কৰা, বিদ্যুতৰ পোহৰ নোপোৱা মানুহৰ মাজতহে অন্ধবিশ্বাস, কুসংস্কাৰৰ পয়োভৰ বেছি তেনে নহয়, নিয়ন লাইটৰ পোহৰত অট্টালিকাত বসবাস কৰা মানুহৰ মাজতো বহুত দলৈ অন্ধ বিশ্বাস সোমাই থাকে৷ আমাৰ সমাজ সভ্যতা বিজ্ঞান প্ৰযুক্তিৰ চমক প্ৰদতাৰে যিমান দূৰ আগবাঢ়ি গৈছে তেনেস্থলত আমাৰ সমাজখনত অন্ধবিশ্বাস, কুসংস্কাৰৰ মাত্ৰা বাঢ়িহে গৈছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সময়ে সময়ে ডাইনী, সোপাধৰা, আই লম্ভা, মহাদেৱে লম্ভা আদিব দৰে বহুতো অন্ধবিশ্বাস জনিত ঘটনা ঘটিয়ে আছে৷ এই সমূহ ঘটনাত ইতিমধ্যে বহু নিৰীহ লোকে প্ৰাণ বিসৰ্জন দিব লগা হৈছে৷ বহুতে চিৰদিনৰ বাবে নিজৰ ঘৰ বাৰী ত্যাগ কৰিবলগা হৈছে৷ বহু বছৰ ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাত বিশেষকৈ গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বঙাইগাওঁ, ওদালগুৰি জিলাত ডাইনীৰ দৰে অন্ধবিশ্বাসৰ কবলত পৰি বহু ব্যক্তিক অকথ্য শাৰীৰিক, মানসিক নিৰ্যাতন দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে৷ বহু নিৰীহ ব্যক্তিৰ জীবন কাঢ়ি লোৱা হৈছে৷ বহু লোক পৰিয়ালচ্যুত, সমাজচ্যুত হ’বলগীয়া হৈছে৷ ইয়াৰ উপৰিও বিভিন্ন চাহ জনজাতি অঞ্চলসমূহত থকা শোণিতপুৰ, বিশ্বনাথ, কোকৰাঝাৰ আদি ঠাইত ডাইনীৰ দৰে অন্ধ বিশ্বাসৰ সন্দেহত কেইবা গৰাকী ব্যক্তিক নিষ্ঠুৰভাৱে হত্যা কৰাৰ দৰে খবৰ ৰাজ্যবাসীৰ হাতত আছে৷ নগাওঁ, কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ ৰাষ্ট্ৰীয় সন্মান প্ৰাপ্ত প্ৰবীণ মহিলা খেলুৱৈও ডাইনীৰ নিৰ্যাতনৰ ভুক্তভোগী হৈছে৷ যি যুগত বিজ্ঞান, প্ৰযুক্তিৰ চমকপ্ৰদ সাফল্যই আমাৰ চিন্তাধাৰা মানসিকতাৰ উচ্ছ পৰ্যায়লৈ যাব লাগিছিল সেই সময়ত আমাৰ সমাজত ডাইনীৰ দৰে অন্ধবিশ্বাসত বহুলোকে চৰম নিৰ্যাতনৰ বলি হৈ আছে৷ যোৱাটো বৰ্ষত জুন মাহত কাৰ্বি আংলং জিলা ডাকাত গুৱাহাটীৰ দুই সংস্কৃতি প্ৰেমী যুৱকক সোপাধৰাৰ সন্দেহত এদল নৰপিশাচে জান্তব প্ৰবৃত্তিৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল৷ প্ৰতিভাৱান এই দুজন যুবকে কাৰো একো অন্যায় কৰা নাছিল৷ কেবল মাথোঁ সৃষ্টিশীল কামৰ সমল বিচাৰি নিৰিবিলি প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু সময় কটাবলৈ গৈছিল৷ এই বৰ্বৰ ঘটনাই কেবল ৰাজ্যৰ ভিতৰতে নহয় ৰাষ্ট্ৰৰ বাহিৰতো যথেষ্ট প্ৰতিবাদ সৃষ্টি কৰিছিল৷ আমি একৈশ শতিকাৰ মানুহ হৈ বিশ্ববাসীৰ সন্মুখত লজ্জানত হব লগা হৈছিল৷ অতি মন্থৰ গতিৰে আদালতত এই নিৰ্মম ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে৷ বিগত কেইটামান বছৰ ধৰি আমাৰ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত এনে অন্ধবিশ্বাস কু সংস্কাৰ নামত বহুত ঘটনা ঘটি আছে৷ ঘটনাসমূহ ঘটি যোৱাৰ লগে লগে সকলো ফালে সৰৱ প্ৰতিবাদ হয় তাৰ পিছতে সকলো নিতাল মাৰে৷ সংবাদ মাধ্যমৰ কৰ্মী আৰু স্বেচ্ছাসেৱী সংস্থা দুটা মানে সকলো দায়িত্ব কান্ধ পাতি ল’ব বুলি চৰকাৰ খনে নিচিন্ত মনে বহি থাকে৷ সেইবাবেই এনে সমস্যাসমূহ কমাৰ পৰিৱৰ্তে বাঢ়িহে গৈ থাকে৷ ৰাজ্য চৰকাৰখনৰ এইসমূহ দিশত যথেষ্ট গুৰুত্ব থাকে৷ আমাৰ ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূবৰ ৰাজ্যসমূহৰ সামাজিক জনগাঁথনি বৈচিত্ৰ্যপূৰ্ণ ভিন ভিন জাতি জনজাতি, চাহ জনগোষ্ঠীয় লোকৰে পৰিপূৰ্ণ৷ দুৰ্গম আওহতীয়া অঞ্চলত বসবাস কৰা ভিন্ন জনগোষ্ঠীৰ মানুহৰ মাজত এতিয়াও অন্ধবিশ্বাস ধৰ্মান্ধতা বহু পৰিমাণে শিপাই আছে৷ সামাজিক শিক্ষা প্ৰদান কৰি এই লোকসকলৰ মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আতঁৰ কৰিব নোৱাৰিলে কেৱল আমাৰ ৰাজ্যখনেই নহয় সমগ্ৰ উত্তৰ পূৱ ভাৰতেই আৰ্থ সামজিক উন্নয়নৰ দিশত কেতিয়াও অগ্ৰসৰ হ’ব নোৱাৰে৷ প্ৰতিটো কৰ্মতে কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো ৰাজ্যৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে বাজেটখনত এক বুজন পৰিমাণৰ ধন ধাৰ্য্য কৰা দেখা যায়৷ এই ধনৰ চাৰিভাগৰ এক অংশও এতিয়ালৈ ব্যয় কৰা হৈছে নে সামাজিক সংস্কাৰমূলক কাৰ্য্যসূচীৰ নামত৷ বিভিন্ন দুৰ্গম অঞ্চলত বসবাস কৰা পুৰুষ মহিলা নিৰ্বেশেষে ব্যক্তিসকল, বৰ্তমান প্ৰজন্মৰ কিশোৰ কিশোৰী, যুৱক- যুৱতীসকলৰ মাজত এনে অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সজাগ কৰিবলৈ যথেষ্ট সজাগতামূলক কাৰ্যসূচীৰ প্ৰয়োজন আছে৷ বিদ্যালয়, মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এনে সজাগতামূলক কাৰ্যসূচীৰ যথেষ্ট প্ৰয়োজন যাতে অন্ধবিশ্বাস, কু সংস্কাৰৰ বিৰুদ্ধে তেওঁলোকৰ মনত এক প্ৰবল জনমত গঢ়ি তুলিব পাৰি৷ সেইবাবে ৰাজ্য চৰকাৰখনৰ যোগেদি এই ধনসমূহ এনে সামাজিক সংস্কাৰমূলক কাৰ্য্যসূচীৰ কামত বিনিয়োগ কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰে যথোচিত পূঁজি ধাৰ্য্য কৰিব লাগে৷ সমাজিক বিকাশ সঠিকভাৱে নহ’লে অৰ্থনৈতিক, ৰাজনৈতিক বিকাশ সম্ভৱ নহয়৷ ৰাজ্যৰ প্ৰতিখন জিলাত থকা জিলাধিপতিসকলে নিজৰ নিজৰ জিলাৰ বিশেষ বিশেষ এলেকাসমূহত সংস্কাৰমূলক কাৰ্য্যসূচী হাতত ল’ব পাৰে যদি তেওঁলোকে সময়মতে উপযুক্তধন খিনি/পূঁজি লাভ কৰিব পাৰে৷ ৰাজ্য চৰকাৰে নিজৰ বাজেটত এই শিতানত পৰ্যাপ্তধন ৰাখিব লাগে৷ যিহেতুকে ৰাজ্যখনত সামাজিক দৃষ্টিভংগীৰ উত্তৰণৰ হেতুকে যথেষ্ট কাম কৰিবলগীয়া আছে৷ এই শিতানত কেন্দ্ৰীয় চৰকাৰৰ পূঁজিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আৰু পূঁজিৰ ধন সোনকালে মোকলাই দিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক সময়মতে জোৰ দিব লাগে৷ আমাৰ ৰাজ্যখন অন্ধবিশ্বাস, কু সংস্কাৰৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ, ৰাজ্যৰ প্ৰতিজন লোকে বহল পৰিসৰত, সু পৰিকল্পিতভাৱে ইয়াৰ দীৰ্ঘম্যাদী সমাধানৰ বাবে পদক্ষেপ ল’ব লাগিব৷