এই কঠিন সময়ত ভাৰতৰ সমৰ্থনক প্ৰশংসা শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ

Pc The Print

এই কঠিন সময়ত ভাৰতৰ সমৰ্থনক প্ৰশংসা শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহে অব্যাহত অৰ্থনৈতিক সংকটৰ মাজত সমৰ্থন আগবঢ়োৱাৰ বাবে ভাৰতক প্ৰশংসা কৰে আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ইচ্ছা প্ৰকাশ কৰে। “এই কঠিন সময়ছোৱাত ভাৰতে আগবঢ়োৱা সমৰ্থনৰ বাবে মই আমাৰ দেশৰ হৈ প্ৰশংসা ব্যক্ত কৰিছো। মই আমাৰ ৰাষ্ট্ৰসমূহৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আশাবাদী,” শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰে।  তেওঁ লগতে কয়, “ভাৰত আৰু জাপানৰ পৰা সহায়: শ্ৰীলংকাক সহায় কৰিবলৈ বিদেশী সাহায্য কনচৰ্টিয়াম স্থাপনত আগভাগ লোৱাৰ বাবে কোৱাড সদস্যসকলৰ (আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, জাপান আৰু অষ্ট্ৰেলিয়া) বাবে দিয়া প্ৰস্তাৱৰ প্ৰতি ভাৰত আৰু জাপানৰ ইতিবাচক সঁহাৰিৰ বাবে মই কৃতজ্ঞ।”