এইবাৰ কাৰ পক্ষত জনতাৰ ৰায়দান?

Pc- The Economic times

এইবাৰ কাৰ পক্ষত জনতাৰ ৰায়দান?

ৰঙিলী বাৰ্ত্তাসেৱা-  থাওৰা, মৰিয়নী,গোঁসাইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰৰ উপ–নিৰ্বাচন অনুষ্ঠিত হয়।পুৱাৰ পৰা বিভিন্ন ভোটকেন্দ্ৰত দেখিবলৈ পোৱা গৈছিল ভোটাৰৰ দীঘলীয়া শাৰী।মুঠ ৭ লক্ষাধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্ণয় কৰিব ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।ইতিমধ্যে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল নিৰ্বাচন আয়োগে।২০২১ত এই পাঁচোটা সমষ্টিৰ মাথো এটা সমষ্টিহে লাভ কৰিছিল বিজেপি মিত্ৰজোঁটে৷বিজেপি মিত্ৰজোঁটে লাভ কৰা একমাত্ৰ তামুলপুৰ সমষ্টিটোত UPPLৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়োৱে লাভ কৰিছিল ৭৮,৮১৮টা ভোট৷ইয়াৰ বিপৰীতে গোঁসাইগাঁও সমষ্টিটোত বিপিএফৰ প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে লাভ কৰিছিল ৭০,৪০৭টা ভোট ।ভৱানীপুৰত AIUDFএৰি বিজেপিলৈ অহা ফণীধৰ তালুকদাৰে পাইছিল ৫৫,৯৭৫টা ভোট।ঠিক একেদৰে থাওৰা সমষ্টিত কংগ্ৰেছ এৰি বিজেপিলৈ অহা সুশান্ত বৰগোহাঁয়ে লাভ কৰিছিল ৪৮,০২৬টা ভোট৷একেদৰে,মৰিয়নী বিধানসভা সমষ্টিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ অহা ৰূপজ্যোতি কুৰ্মীয়ে পাইছিল ৪৭,৩০৮টা ভোট।