ঋষভ পণ্টক লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নতুন অধিনায়ক হিচাপে নিযুক্তি 

ঋষভ পণ্টক লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নতুন অধিনায়ক হিচাপে নিযুক্তি 

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। ঘোষণা কৰা হ’ল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নতুন অধিনায়কৰ নাম। ঋষভ পণ্টক লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ফ্রেনচাইজীটোৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই এই কথা ঘোষণা কৰে। নতুন অধিনায়কৰ নাম ঘোষণা কৰাই নহয়, ঋষভ পণ্ট আইপিএলৰ ইতিহাসৰ অন্যতম শ্রেষ্ঠ অধিনায়ক হ’ব বুলিও ঘোষণা কৰে সঞ্জীৱ গোৱেংকাই। আইপিএলৰ নিলামত অভিলেখ সৃষ্টি কৰি ঋষভ পণ্টক ২৭ কোটি টকাত ক্রয় কৰিছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছে। ইয়াৰ পূৰ্বে ঋষভ পণ্ট দিল্লী কেপিটেলছৰ অধিনায়ক আছিল। এতিয়া লক্ষ্ণৌৰ অধিনায়ক হিচাপে ঋষভ পন্টে দলটোৰ বাবে ২০০ শতাংশ দিবলৈ সাজু বুলি ঘোষণা কৰিছে। লক্ষ্ণৌৰ পূৰ্বৰ অধিনায়ক কে এল ৰাহুলৰ স্থানত ঋষভ পণ্টক অধিনায়ক হিচাপে নিযুক্তি কৰা হয়। ঋষভ পণ্টৰ সন্দৰ্ভত সঞ্জীৱ গোৱেংকাৰ স্পষ্ট বক্তব্য হ’ল- ‘পণ্টৰ জন্মগত নেতৃত্ব আছে।’ এতিয়া সকলোৱে কয় যে ধোনী আৰু ৰোহিত আইপিএলৰ ইতিহাসত সফল অধিনায়ক। কিন্তু মই কোৱা কথাখিনি লিখি থওক। ‘১০ বছৰ পিছত সকলোৱে ক’ব যে আইপিএলৰ শ্রেষ্ঠ অধিনায়ক ধোনী, ৰোহিত আৰু ঋষভ।’ আনহাতে, পন্টেও কয়, ‘মই ২০০ শতাংশ দিবলৈ চেষ্টা কৰিম।’ ছিনিয়ৰসকলৰ পৰা বহুত শিকিলোঁ। পাৰফ’ৰমেনছ আহিব আৰু যাব। ‘কিন্তু সঁচা কথাটো হ’ল, মই শেষলৈকে যুঁজিম।’