উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দিতিমণি গগৈৰ ঘৰত উদ্ধাৰ লাখে লাখে টকা

Pc News8 Northeast

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দিতিমণি গগৈৰ ঘৰত উদ্ধাৰ লাখে লাখে টকা

ৰঙিলী বাৰ্ত্তাসেৱা-  কেঁচু খান্দোতে ওলালে সাপ।ডিব্ৰুগড়ৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ ঘৰত উদ্ধাৰ লাখ লাখ টকা।এই পৰ্যন্ত উদ্ধাৰ ৯ লাখ ৩০ হাজাৰ টকা।ঘোচ নিদিলে কামেই নচলে হেনো ডিব্ৰুগড়ৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত।বুধবাৰে উৎকোচ লৈ ধৰা পৰিছিল ডিব্ৰুগড়ৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈ আৰু দালাল পংকজ শইকীয়া।গ্ৰেপ্তাৰ হোৱা কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ ফ্লেটত নিশা আৰক্ষীয়ে তালাচী চলায়।তদন্তকাৰী দলে দিতিমণি গগৈৰ বাসগৃহত তালাচী চলাই মুঠ ৯ লাখ ৩০ হাজাৰ টকা জব্দ কৰে।আনহাতে অভিযানকাৰী দলে দালাল পংকজ শইকীয়াৰ টেঙাখাতৰ বাসগৃহৰ পৰা বহু পৰিমাণৰ ড্ৰাইভিং লাইচেঞ্চ জব্দ কৰে। উল্লেখযোগ্য যে,জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ৭০০ টকা উৎকোচৰ ধন গ্ৰহণ কৰোঁতে হাতে-লোটে ধৰা পৰিছিল দিতিমণি গগৈ আৰু দালাল পংকজ শইকীয়া।